এইবাৰ ব্ৰাজিলৰ পৰা কৰ’নাৰ সংক্ৰমণ হোৱাৰ দাবী চীনৰ

ihn0a7d chicken

এইবাৰ চীনে ব্ৰাজিলৰ পৰা আমদানি কৰা মূৰ্গীত কৰ’না ভাইৰাছ থকাৰ দাবী কৰিছে। ইয়াৰ পূৰ্বে চীনে জুনত ব্ৰাজিলৰ লগতে কিছুমান অন্যান্য দেশৰ মাংসৰ আমদানিত প্ৰতিবন্ধকতা আৰোপ কৰিছিল । অৱশ্যে পিছত এই প্ৰতিবন্ধকতা খুলি দিছিল চীনে ৷

আনহাতে ডিজিজ কন্ট্ৰ’ল চেন্টাৰ অৰ্থাৎ চিডিচিয়ে ব্ৰাজিলৰ পৰা আমদানি কৰা মূৰ্গীৰ নমূনা লৈছিল । এই নমূনা পৰীক্ষা কৰাৰ পিছত পজিটিভ ৰিপৰ্ট আহে । চিডিচিৰ বিষয়াবৰ্গই লগতে কয় যে ব্ৰাজিলৰ পৰা পঠোৱা বাকী বস্তুসমূহৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে । অৱশ্যে এই সন্দৰ্ভত ব্ৰাজিলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখযোগ্য যে চীনৰ উহানৰ পৰা সমগ্ৰ বিশ্বত বিয়পি পৰিছিল কৰ’না ভাইৰাছ । সকলোৱে আশংকা কৰিছে যে চীনৰ এখন খাদ্য বজাৰৰ পৰা কৰ’নাৰ সংক্ৰমণ হৈছিল ৷ তথ্য অনুসৰি এই বজাৰখনত বিভিন্ন জন্তুৰ লগতে সৰীসৃপৰ মাংস বিক্ৰী কৰা হয় ।

কিন্তু সমগ্ৰ বিশ্বই চীনক লৈ সমালোচনা কৰাৰ কাৰণে সম্প্ৰতি দেশখনত সৰীসৃপৰ ধৰি বিভিন্ন মাংসৰ বিক্ৰীত প্ৰতিবন্ধকতা আৰোপ কৰে । ইতিমধ্যে চীনত পুনৰ দুজন লোকৰ শৰীৰত কৰ’না ভাইৰাছ পোৱা গৈছে । অৱশ্যে এই দুজন লোকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ শৰীৰত কৰ’নাৰ লক্ষণ পোৱা নাই যদিও সকলোকে কোৱাৰেন্টাইনত ৰখা হৈছে।

Exit mobile version