একাংশ সমৰ্থকৰ অকৰ্মণ্যতাৰ বাবে চুবুৰীয়া জিলাৰ ৰাইজৰ ৰোষত পৰিল বিধায়ক শিলাদিত্য দেৱ

Screenshot 40

এটি পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিবলৈ গৈ চুবুৰীয়া জিলাৰ ৰাইজৰ ৰোষত পৰিবলগীয়া হ’ল হোজাই বিধায়ক শিলাদিত্য দেৱ । হোজাই-পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ ফৰেষ্ট বজাৰ নামৰ ঠাইত সংঘটিত হ’ল এই ঘটনা । হোজাই জিলাৰ অন্তৰ্গত ছিংজুৰি গাঁৱত অৱস্থিত এখন দলঙৰ পৰা কৃষ্ণনগৰ-দুৰ্গাবাৰী-ফৰেষ্ট বজাৰ সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিবলৈ কাৰ্বি আংলঙৰ ফৰেষ্ট বজাৰত উপস্থিত হৈছিল বিধায়ক শিলাদিত্য দেৱ।

কিন্তু যি ঠাইত আধাৰশিলা স্থাপনৰ ব্যৱস্থা কৰা হৈছিল সেইয়া সম্প্ৰতি পশ্চিম কাৰ্বি আংলঙৰ ভূমি আছিল। আৰু কাৰ্বি আংলঙৰ চৰকাৰ কিম্বা প্ৰশাসনৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ এনেদৰে কাৰ্বি আংলঙৰ ভূমিত আধাৰশিলা স্থাপন কৰিবলৈ লোৱাত কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি কৃষক সন্থাৰ লগতে কে’বাটাও ৰাজনৈতিক সংগঠনে জাঙুৰ খাই উঠে আৰু তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

 লগতে বিধায়ক শিলাদিত্য দেৱে সীমান্তৰ সম্পৰ্কে সংগঠনসমূহৰ বহু প্ৰশ্নৰ সন্মুখীন হ’ব লগত পৰে । এনেদৰে একাংশ নিজ সমৰ্থকৰৰ অকৰ্মণ্যতাৰ বাবে চুবুৰীয়া জিলাৰ ৰাইজৰ ৰোষত পৰিবলগীয়া হয় বিধায়ক শিলাদিত্য দেৱ। পিছত উক্ত স্থানত আধাৰশিলা স্থাপনৰ কাৰ্য প্ৰত্যাহাৰ কৰি গুচি যায় বিধায়কগৰাকী।

Exit mobile version