পৰিনীতাৰ ৰহস্য জনক মৃত্যুৰ ঘটনাৰ নতুন মূৰ

IMG 20200812 WA0000

বিশাল ভূঞাক গ্ৰেপ্তাৰ বাংগালুৰু আৰক্ষীৰ

বাংগালুৰুত নিজৰ ভাড়াঘৰৰ কোঠাৰ ভিতৰত অতি ৰহস্যজনক ভাৱে মৃত্যু হোৱা নগাঁও চহৰৰ পানীগাঁও ছয়আলিৰ যুৱতী তথা এয়াৰ এছিয়াৰ বিমান সেৱিকা পৰিণীতা বৰা(২৫)ৰ মৃত্যুৰ ৰহস্যই সম্প্ৰতি নতুন মূৰ লৈছে । ইয়াৰ লগে লগে যুৱতী গৰাকীৰ জীৱনৰ সন্দৰ্ভতো কেতবোৰ ন ন তথ্য উদ্ঘাটন হৈছে ।

উল্লেখ্য যে, বাংগালুৰুত “এয়াৰ এছিয়া” নামৰ বিমান পৰিবহন সংস্থাটোত এগৰাকী বিমান সেৱিকা (এয়াৰ হোষ্টেজ) হিচাপে কৰ্মৰত অৱস্থাতে পৰিনীতাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে নগাঁও চহৰৰে যুৱক বিশাল ভূঞাৰ লগত । তেওঁ নগাঁও গড়কাপ্তানী বিভাগৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ একমাত্ৰ পুত্ৰ । বিশালে বাংগালুৰুতে ৰিলায়েন্স ট্ৰেণ্ড নামৰ প্ৰতিষ্ঠান এটাত কাম কৰিছিল।

যোৱা তিনি বছৰ ধৰি পৰিণীতা আৰু বিশালে নৰ্থ বাগাংলুৰুৰ হেব্বাল কেম্পাপুৰা (Hebbal Campapura)ৰ এটা ফ্লেট ভাড়ালৈ লৈ তাতে দুয়ো স্বামী-স্ত্ৰীৰ দৰেই সহবাস কৰিছিল। আনকি এবছৰ পূৰ্বে পৰিণীতাৰ এটি পুত্ৰ সন্তানো জন্ম হয় । বিশালে বাংগালুৰু আৰক্ষীক দুয়ো তিনি বছৰ পূৰ্বে বিবাহ হোৱা বুলি সদৰী কৰিছে যদিও পৰিণীতাৰ আত্মীয়ই তেওঁলোকৰ বিয়াৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে। বাংগালুৰু আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, পৰিণীতা বৰাই এয়াৰ এছিয়াত বিমান সেৱিকা আৰু বিশাল বৰাই এটি পাইকাৰী গ্ৰচাৰী শ্ব’পৰ চুপাৰ ভাইজাৰ হিচাপে কাম কৰিছিল যদিও দেশজুৰি বলবৎ হোৱা তলাবন্ধৰ সময়ছোৱাত দুয়ো চাকৰি হেৰুৱাই নিবনুৱা হ’বলগীয়া হয়।

তেওঁলোক দুয়ো জীৱিকা হেৰুওৱাৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগিছিল । প্ৰাপ্ত তথ্য অনুসৰি অস্থিৰ হৈ পৰা পৰিণীতা আৰু বিশালে প্ৰায়েই কাজিয়াত লিপ্ত হৈছিল । যোৱা ১১আগষ্টৰ নিশা দুয়োৰে মাজত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হয় । কাজিয়াৰ পাছতে খঙত নিশা প্ৰায় দুই বজাত বিশালে কণমানি পুত্ৰ সন্তানক কোলাত লৈ ভাড়াঘৰৰ পৰা ওলাই যায়। কিন্তু পুৱতি নিশা প্ৰায় তিনি মান বজাত তেঁও পুনৰ ভাড়াঘৰটোলৈ উভটি আহি পৰিণীতাক কোঠাৰ ভিতৰত ৰছীৰে সৈতে ওলমি থকা প্ৰত্যক্ষ কৰে ।

পাছত আৰক্ষীৰ দল গৈ পৰিণীতাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্মৰ্তব্য যে, পৰিণীতা বৰা আৰু বিশাল ভূঞাই দশম শ্ৰেণী পৰ্যন্ত নগাঁও কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ণ কৰিছিল। পৰিণীতাই এয়াৰ এছিয়াত কৰ্মৰত হৈ থকাৰ বিপৰীতে বিশাল ভূঞাই বাংগালুৰুতে শিক্ষা গ্ৰহণ কৰি প্ৰথমাৱস্থাত ৰিলায়েন্স ট্ৰেণ্ড নামৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল ।

২০১৬ চনৰ ২২ জুনত বিশালে ইউনিক কুকিজ্ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যোগদান কৰিছিল যদিও ২০১৮ চনৰ ২৫ জুনত তেওঁ ৰিলায়েন্স ট্ৰেণ্ডত যোগদান কৰে । দীঘলীয়া তলাবন্ধৰ সময়ত চাকৰি হেৰুৱাই দুয়ো বিপৰ্যস্ত হৈ পৰিছিল। অৱশ্যে এই বিষয়ে তেওঁলোক দুয়ো নগাঁৱৰ আত্মীয়ক জনোৱা নাছিল। ইপিনে, পৰিণীতাৰ ৰহস্যজনক মৃত্যুৰ খবৰ লাভ কৰাৰ পাছত নগাঁও চহৰত বাস কৰা তেওঁৰ মাতৃ পৰিয়ালৰ আত্মীয়ই কালি নিশা বাংগালুৰুত গৈ উপস্থিত হয়। পৰিণীতাৰ পৰিয়ালৰ লোকে ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে ।

বাংগালুৰুৰ আমৰুথলী আৰক্ষীয়ে পৰিণীতাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ২৭/২০২০নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে আজি বিশাল ভূঞাক গ্ৰেপ্তাৰ কৰি সোধপোছ আৰম্ভ কৰিছে।আজি আৰক্ষী থানাত গৈ পৰিণীতাৰ আত্মীয় গৈ উপস্থিত হঁওতেই বিশালে তেওঁলোকক অসভ্য আচৰণ কৰে বুলি পৰিণীতাৰ আত্মীয়ই অভিযোগ কৰিছে ।

পৰিণীতা বৰাৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাক পৰিণীতাৰ পৰিয়ালৰ দৰেই বাংগালুৰু আৰক্ষীয়ে সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই। সমগ্ৰ ঘটনাটোত যথেষ্ট সন্দেহৰ অৱকাশ আছে । আজি পৰিণীতা বৰাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত ইয়াৰ প্ৰতিবেদন খনে নিশ্চিত ভাৱে নিৰ্ধাৰণ কৰিব ই প্ৰকৃততে হত্যাকাণ্ড নে আত্মহত্যা।

Exit mobile version