মৰিগাঁও জিলাৰ গেৰুৱাৰ দৰিদ্ৰ যুৱক মিণ্টু ডেকাৰ চমক

WhatsApp Image 2020 08 13 at 6.05.18 PM

মাতৃয়ে সুদত টকা আনি পুত্ৰক কৰিলে সহায়

মৰিগাঁও জিলাৰ গেৰুৱা গোসাই বড়ী গাঁৱৰ এটি উৰুখা পজাত এক সম্ভাৱনাই যেন পাহি মেলিছে । ভৱেন ডেকা আৰু ৰানু প্ৰভা ডেকাৰ পুত্ৰ মিণ্টু ডেকা নামৰ এজন যুৱকৰ প্ৰতিভাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে দৰিদ্ৰ যুৱকজনে সৰুকালৰ পৰাই মনত পুহি ৰাখিচিল এটা সপোন, এখন গাড়ী বনাব সি।

কিন্তু প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী হৈয়ো মিণ্টুৱে ঘৰৰ আৰ্থিক অৱস্হাৰ বাবেই এদিন নৱম শ্ৰেণীতে পঢ়া সামৰি ট্ৰেক্টৰ চলাব শিকিবলগা হ’ল ১৫ বছৰ বয়সতে । শিক্ষা জীৱনৰ সিমানতে ইতি পৰিলেও মিণ্টুক সদায় আমনি কৰিছিল তাৰ দূৰন্ত উদ্ভাৱনী আৰু সৃষ্টিশীল মনে। অৱশেষত পেটৰ তাৰণাত ট্ৰেক্টৰৰ ড্ৰাইভাৰ হিচাপে কাম আৰম্ভ কৰে মিণ্টুৱে ।

পিতৃ-মাতৃয়ে আনৰ আধি-ভাগি কৰে। কিন্তু তাৰ মাজতেই কৰ’না মহামাৰীৰ বাবে দেশত আৰম্ভ হ’ল তলাবন্ধ । ফলত কাম বন্ধ কৰি গৃহবন্দী হৈ পৰে মিণ্টু ডেকা। ঘৰতে আবদ্ধ হৈ পৰা মিণ্টুৱে আৰম্ভ কৰিলে এখন গাড়ী নিৰ্মাণৰ কাম । ট্ৰেক্টৰ চলাই গোটোৱা চাৰি-পাঁচ হেজাৰ টকাৰে ইটো সিটো কিনি আৰম্ভ কৰে তাৰ সপোনৰ গাড়ী খনৰ প্ৰাৰম্ভিক কাম। গেৰেজত পৰি থকা এটা বিকল ইঞ্জিন কিনি আনিলে মিণ্টুৱে ।

কিন্তু কামত হাত দিয়ে তীব্ৰ অৰ্থ সংকটত পৰে মিণ্টু। উপায়বিহীন হৈ মিণ্টুৱে মাকক এটা গোটৰ পৰা কিছু টকা ঋণ ল’বলৈ খাটনি ধৰে। দৰিদ্ৰ পুত্ৰৰ দুচকুৰ সপোন পূৰ্ণ কৰিবৰ বাবে মোহময়ী মাতৃ ৰানু ডেকাই দুটা গোটৰ পৰা ৫ টকা সুদত চল্লিশ হাজাৰ টকা আনি দি সহায় কৰিলে পুত্ৰক। ড্ৰাইভাৰ কৰি পোৱা টকা কেইটাৰে মিলাই মিণ্টুৱে তলাবন্ধৰ মাজতে নিৰ্মাণ কৰি উলিয়ালে এখন চাৰিজনীয়া যাত্ৰীবাহী সৰু গাড়ী ।

৭৫ হাজাৰ টকা বৰ্তমানলৈ ব্যয় হৈছে গাড়ী খনত। গাঁৱৰ মানুহে নাম দিছে মিণ্টু এক্সপ্ৰেছ। গোঁসাই বড়ী গাঁৱত এতিয়া মিণ্টু এক্সপ্ৰেছত উঠি এপাক ৰাস্তাত ঘূৰোৱাৰ চখত মিণ্টুৰ ঘৰত সমনীয়াৰ ভিৰ। কিন্তু গাড়ীখন সম্পূৰ্ণ কৰিবলৈ মিণ্টুক লাগে আৰু কিছু টকা। কাৰিকৰী জ্ঞানপুষ্ট এইজন যুৱকে চৰকাৰ তথা বিভিন্ন উৎসৰ পৰা সহায় পালে আকাশ চোৱাৰ হেঁপাহ পূৰ্ণ হ’ব।

কিন্তু এনে এক সম্ভাৱনাক আগুৱাই যোৱাত প্ৰয়োজন চৰকাৰৰ সদিচ্ছা। চৰম আৰ্থিক অনাটনত থাকিও মাতৃ ৰাণু প্ৰভা ডেকাই তলাবন্ধৰ সময়ত পাঁচ টকা সুদত গোটৰ পৰা ৪০ হাজাৰকৈ টকা আনি দি মাতৃ স্নেহেই নহয় মহান দায়িত্বও পালন কৰিছে পুত্ৰৰ প্ৰতি ।

কিন্তু ইয়াতকৈ বেছি কৰিব নোৱাৰে ৰাণু প্ৰভাই। ৰাণুৰ লগতে পৰিয়ালৰ লোকৰ ইচ্ছা – চৰকাৰে অলপ চকু মেলি চালে মিণ্টুৱে আগুৱাই যাব পাৰিব। নিশ্চিত ভাৱে চৰকাৰৰ সুদৃষ্টিয়ে উৰুখা পজাৰ এইজন প্ৰতিভাবান যুৱকৰ আকাশ চোৱাৰ হেপাহ পূৰ্ণ হব।

Exit mobile version