ৰাজস্থান চৰকাৰলৈ সুস্থিৰ বাতাবৰণ ঘূৰি অহাৰ পিছত মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপমুখ্যমন্ত্ৰী শচীন পাইলট আজি প্ৰথমবাৰৰ কাৰণে আলোচনাত মিলিত হ’ব পাৰে ৷ বিয়লি পাঁচ বজাত হ’বলগীয়া কংগ্ৰেছৰ বিধায়কসকলৰ বৈঠকত শচীন পাইলটৰ লগত আলোচনাত মিলিত হ’ব পাৰে আশোক গেহলট ৷
সম্প্ৰতি গেহলট আৰু পাইলটৰ আলোচনাই কোন দিশেৰে গতি কৰে সেই বিষয়ে চৰ্চা অব্যাহত আছে ৰাজনৈতিক মহলত ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী আশোক গেহলটে কয় যে ভূল বুজা বুজি আঁতৰাই সকলো আগবাঢ়ি যাব লাগে ৷
দেশত একাংশই চৰকাৰ পতন নিয়াবলৈ বিভিন্ন পন্থা হাতত লৈছে । এই মন্তব্য মুখ্যমন্ত্ৰী আশোক গেহলটৰ ৷ উল্লেখযোগ্য যে বিগত দিনত ৰাহুল গান্ধী আৰু প্ৰিয়াংকা গান্ধীক সাক্ষাৎ কৰিছিল শচীন পাইলটে । তেতিয়াই শচীন পাইলট পুনৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন হ’ব বুলি চৰ্চা লাভ কৰিছিল ।