কৰ’নাৰ সংক্ৰমণ : ভূটানত প্ৰথম ৰাষ্ট্ৰজোৰা তলাবন্ধ ঘোষণা

bhutan coronavirus lockdown

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভূটানত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰজোৰা তলাবন্ধ ঘোষিত হ’ল । ভূটান চৰকাৰে এক বিবৃত্তি যোগে প্ৰকাশ কৰা মতে, ৫ৰ পৰা ২১ দিনলৈকে দেশখনত কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তলাবন্ধ অব্যাহত থাকিব ।

এই সময়ছোৱাত দেশখনৰ সকলোবোৰ শিক্ষানুষ্ঠান, কাৰ্যালয় আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থাকিব। ভূটানত এই পর্যন্ত ১১৩ জন ক’ভিড-১৯ সংক্ৰমিত ৰোগী ধৰা পৰিছে। শেহতীয়াভাৱে কুৱেইটৰ পৰা উভতি অহা এগৰাকী ২৭ বছৰীয়া যুৱতীৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ পাছতে ভূটান চৰকাৰে তলাবন্ধৰ সিদ্ধান্ত লয়।

Exit mobile version