কৰ’না মুক্ত হ’ল গৃহমন্ত্ৰী অমিত শ্বাহ

amit shah 1

কৰ’নামুক্ত হ’ল গৃহমন্ত্ৰী অমিত শ্বাহ । যোৱা ২ আগষ্টৰ পৰা কৰ’না ভাইৰাছত আক্ৰান্ত হৈ গুৰুগ্ৰামৰ মেডান্টা হস্পিতালত চিকিৎসাধীন হৈ আছিল মন্ত্ৰীগৰাকী । ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰো টুইট যোগে মন্ত্ৰী গৰাকীয়ে নিজেই জনাইছিল । আজি পুনৰবাৰ ক’ভিড টেষ্টৰ ৰিপোৰ্ট পজিটিভ অহাত টুইটাৰত পুনৰ টুইট কৰি এই কথা জনালে মন্ত্ৰী গৰাকীয়ে।

তেখেতে কয়, ‘আজি মোৰ ক’ভিড -১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে । মই ভগৱানক ধন্যবাদ জনাইছো আৰু এই সময়চোৱাত যিসকলে মোৰ আশুআৰোগ্য কামনা কৰি মোৰ লগতে মোৰ পৰিয়ালৰ মনোবল বঢ়ালে এই সকলোলৈকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো । চিকিৎসকৰ পৰামৰ্শ মতে মই কেইদিনমান হোম আইছ’লেছনত থাকিব লাগিব ।’

লগতে মেডান্টা হস্পিতালৰ সকলো চিকিৎসক-স্বাস্থ্য কৰ্মীক ধন্যবাদ জনাই তেওঁ টুইটাৰত লিখে, ‘মোক চিকিৎসা কৰা সকলো চিকিৎসকক ধন্যবাদ ।লগতে মোক শুশ্ৰূষা আগবঢ়োৱা সকলো স্বাস্থ্যকৰ্মীৰ ওচৰত মই কৃতজ্ঞ।’

Exit mobile version