ভূমিস্খলনৰ ফলত সজ্জনপাৰা-ছাটাৰগাওঁ সংযোগী পথত যাতায়ত ব্যাহত

WhatsApp Image 2020 08 14 at 5.03.28 PM

পশ্চিম গুৱাহাটীৰ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত সজ্জনপাৰা-ছাটাৰগাওঁ সংযোগী পথটোত আজি ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। যোৱা নিশা হোৱা প্রবল বৃষ্টিপাতৰ ফলস্বৰূপে পাহাৰৰ মাটি খহি পৰাত উক্ত অঞ্চলটোৰ সংযোগী একমাত্ৰ পথটো বন্ধ হৈ পৰে।

এই সন্দৰ্ভত ছাটাৰগাওঁৰ গাওঁবুঢ়া পদ্ম ৰাভাই কয়, “যোৱা নিশা প্ৰায় ১০ বজাৰ পৰা মাজনিশালৈ অঞ্চলটোত প্ৰবল বৃষ্টিপাত হৈছিল। আজি প্ৰাতঃ ভ্ৰমণলৈ অহা লোকে পাহাৰৰ পৰা মাটি খহি আহি পথচোৱা বন্ধ হৈ থকা প্ৰত্যক্ষ কৰে। পিছত ৰাইজে নিজ প্ৰচেষ্টাত যাতায়তৰ বাবে পথটো কিছু পৰিমাণে মুকলি কৰে ।” সজ্জনপাৰাৰ এন ই চি পথৰ পৰা ছাটাৰগাওঁলৈ যোৱা একমাত্ৰ সংযোগী পথটো ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় বুলিও গাঁওবুঢ়া ৰাভাই কয় ।

উল্লেখ্য যে, ২০১৭-১৮ ত স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ বিশেষ উদ্যোগত প্ৰায় চাৰে ছয় কিঃমিঃ দৈৰ্ঘ্যৰ পথচোৱা পকীকৰণ কৰি নিৰ্মাণ কৰা হৈছিল। স্বাধীনতাৰ পাছত প্ৰথম বাৰৰ বাবে পাহাৰীয়া অঞ্চল ছাটাৰগাওঁলৈ যোৱা যাতায়তৰ পথ সুচল হোৱাত অঞ্চলটোত আৰ্থ-সামাজিক দিশত পৰিৱৰ্তন আহিছিল বুলি অঞ্চলটোৰ নৱজ্যোতি সংঘৰ সভাপতি অজয় ৰাভা আৰু সম্পাদক সঞ্জয় ৰাভাই জানিবলৈ দিয়ে।

ভূমিস্খলনৰ ফলত পথছোৱা বন্ধ হৈ পৰাৰ লগতে ঠায়ে-ঠায়ে পথৰ পকী অংশ ভাঙি গৈছে। এই সন্দৰ্ভত সংঘৰ সভাপতি ৰাভাই কয়, “উক্ত পথছোৱা পাহাৰীয়া হোৱাৰ বাবে পথৰ দুয়োফালে নলাৰ প্ৰয়োজনীয়তা আছিল । নলা নথকাৰ বাবে পাহাৰৰ পৰা তীব্ৰ সোঁতত নামি অহা পানীয়ে পথছোৱাৰ দুই-তিনি ঠাইত পকী অংশ খহাই নিছে। পথচোৱা নিৰ্মাণ হোৱাৰ পাছত অঞ্চলটোলৈ বহু পৰ্যটক, গৱেষক আৰু পৰিবেশ অধ্যয়নৰ বাবে শিক্ষক-শিক্ষাৰ্থীৰ আগমণ হৈছিল । পথছোৱা মেৰামতি কৰি যাতায়ত সুচল কৰিলে অঞ্চলটোৰ বিভিন্ন দিশৰ উন্নয়ন সম্ভৱ হ’ব।”

ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা পথছোৱা মুকলি কৰা আৰু পথচোৱাৰ মেৰামতি সন্দৰ্ভত স্থানীয় বিধায়ক গৰাকীক অৱগত কৰোৱা হৈছে বুলিও তেওঁ কয়। এই সন্দৰ্ভত স্থানীয় বিধায়ক গৰাকীৰ হস্তক্ষেপ বিচৰাৰ লগতে অতি শীঘ্ৰে পথছোৱা মুকলি কৰাৰ লগতে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংঘৰ সভাপতি-সম্পাদকদ্বয়ে বিধায়ক গৰাকীক আহ্বান জনায়।

Exit mobile version