৭৪ বছৰীয়া পুৰণি খাদী কাপোৰৰ এখন জাতীয় পতাকা । ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভৰ দিনাই কিনা খাদী কাপোৰৰ ৰাষ্ট্ৰীয় পতাকাখন ধুবুৰী জিলাৰ আগমনিত তেতিয়াৰ পৰাই আজি পর্যন্ত প্ৰতিটো গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসত ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ এটা পৰিয়ালৰ ঘৰত উত্তোলন কৰি অহা হৈছে ।
গৌৰীপুৰ নিৱাসী শিৱেন্দ্ৰ নাৰায়ণ মণ্ডলে গৌৰীপুৰ ৰাজ ইষ্টেটৰ ইন্সপেক্টৰ তথা চাৰ্কেল অফিচাৰৰ পদত কাম কৰিছিল | আগমনিত বৰ্তমানে থকা ৰাজহ চক্ৰৰ কাৰ্যালয়ত বৃটিছৰ দিনত কাছাৰী খোলা হৈছিল | উক্ত কাছাৰীৰ কোৱাৰ্টাৰত থকা শিৱেন্দ্ৰ নাৰায়ণ মণ্ডলে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা নিজে কিনি অনা ৰাষ্ট্ৰীয় পতাকা আগমনিত উত্তোলন কৰিছিল ।
পৰৱৰ্তী সময়ত শিৱেন্দ্ৰ নাৰায়ণ মণ্ডলৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তথা গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কনকেন্দু নাৰায়ণ মণ্ডল আৰু কন্যা তথা গৌৰীপুৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বাসন্তিকা মণ্ডলে পিতৃৰ আদৰ্শক জীয়াই ৰাখি উক্ত ৰাষ্ট্ৰীয় পতাকাখন প্ৰতিটো গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসত গৌৰীপুৰৰ আকাশত উৰুৱাই আছে ।