স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা সপ্তমবাৰলৈ দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

WhatsApp Image 2020 08 15 at 8.52.56 AM

আজি দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস । কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি কিছু ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হৈছে দেশৰ স্বাধীনতা দিৱস। পুৱাই ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে । স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন ।

৭.১৮ বজাত প্ৰধানমন্ত্ৰী উপস্থিত হয় লালকিল্লাত।  লালকিল্লাত পতাকা উত্তোলনৰ আৰু সামৰিক অভিবাদন গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে। একেৰাহে সপ্তমবাৰৰ বাবে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে “কৰ’না যুদ্ধত ভাৰত জিকিব । দেশ আত্মবিশ্বাসী। কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো খোজত দেশৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । কৰ’নাৰ সময়তো দেশ-বিদেশৰ বহু প্ৰতিষ্ঠানে ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহী হৈছে। দেশবাসীৰ ওপৰত মোৰ বিশ্বাস আছে। আত্মনিৰ্ভৰ ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান আছে। কিন্তু এই সকলো প্ৰত্যাহ্বান আমি অতিক্ৰম কৰিব পাৰিম । আজি সলনি হৈছে দেশ। দেশলৈ আহিছে পৰিৱৰ্তন |

কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ কথা উল্লেখ কৰি দেশবাসীৰ সাহস আৰু আত্মবিশ্বাসক চেল্যুট জনালে মোডীয়ে। আত্মনিৰ্ভৰশীল ভাৰতৰ লগতে প্ৰধানমন্ত্ৰীৰ ভাষণত উল্লেখ কৰিলে  উত্তৰ-পূবৰ বান সমস্যাৰ কথাও ।

Exit mobile version