আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টিকটকক দিছে ৯০ দিন

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টিকটকক পুনৰ ৪৫ দিনৰ সময় দিছে ৷পূৰ্বৰ ৪৫ দিন আৰু এতিয়াৰ ৪৫ দিন,মুঠ ৯০ দিনত যদি টিকটকক ক্ৰয় কৰিবলৈ কোনো আগবাঢ়ি নাহে তেন্তে আমেৰিকাত একেবাৰে নিষিদ্ধ হ’ব এপটো।শুক্ৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাইটডান্সৰ কাৰণে এখন কাৰ্যবাহী সমিতি গঠন কৰে ৷শেহতীয়াকৈ এই কাৰ্যবাহী সমিতিখনে বাইটডান্সক দিয়া ৪৫ দিনৰ সময় অন্ত পৰিব অহা ২০ ছেপ্তেম্বৰত। আনহাতে আমেৰিকাৰ চৰকাৰৰ মতে টিকটকৰ জৰিয়তে চৰকাৰৰ বহু তথ্য যায় চীনলৈ ৷

অৱশ্যে টিকটকে আমেৰিকাৰ এই অভিযোগ প্ৰত্যাখ্যান কৰে ।ইফালে শেহতীয়াকৈ ভাৰত চীনৰ সংঘাতৰ পিছতে টিকটকক ভাৰত চৰকাৰে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিষিদ্ধ কৰিছে ৷ উল্লেখযোগ্য যে,টিকটকক ক্ৰয় কৰাৰ সন্দৰ্ভত টুইটাৰে টিকটকৰ পেৰেন্ট কোম্পানী বাইটডান্সৰ লগত মতবিনিময় কৰিছে ৷ অৱশ্যে বিশেষজ্ঞসকলে টিকটক আৰু টুইটাৰৰ চুক্তিক লৈ সন্দেহ প্ৰকাশ কৰিছে ৷

বিশেষজ্ঞসকলৰ মতে টিকটকক ক্ৰয় কৰিবৰ কাৰণে টুইটাৰ বিত্তীয়ভাৱে সক্ষম নহয় ৷গতিকে টিকটক ক্ৰয় কৰিবৰ কাৰণে মাইক্ৰচফ্টক টুইটাৰে পিছ পেলাই দিব সেই সন্দৰ্ভে এতিয়াও বিশেষজ্ঞসকল নিশ্চিত নহয়।টিকটক আৰু টুইটাৰ দুয়োৱে প্ৰাৰম্ভিক পৰ্যায়ত মতবিনিময় কৰি আছে যদিও টিকটক ক্ৰয়ৰ ক্ষেত্ৰত একেবাৰে আগত আছে মাইক্ৰচফ্ট ৷মাইক্ৰচফ্টে দীঘলীয়া সময় ধৰি টিকটকৰ আমেৰিকাৰ ব্যৱসায়ক ক্ৰয় কৰিবৰ কাৰণে বাইটডান্সৰ লগত মতবিনিময় কৰি আছে ৷মাইক্ৰচফ্টৰ চি ই অ’ সত্যা নডেলাই টিকটকক ক্ৰয় কৰাৰ প্ৰস্তাৱ ইতিমধ্যে দিছে।

ট্ৰাম্প প্ৰশাসনে বিগত সপ্তাহত টিকটক বেন কৰাৰ কাৰণে মঞ্জুৰী দিছিল ৷ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও টিকটক নিষিদ্ধ কৰাৰ সন্দৰ্ভত চহী কৰিছে ৷অৱশ্যে এই নিষিদ্ধতা ৪৫ দিনৰ পিছত অৰ্থাৎ ২০ছেপ্তেম্বৰৰ পৰা প্ৰয়োগ হ’ব ৷ড’নাল্ড ট্ৰাম্পে টিকটক ক্ৰয় কৰাৰ ক্ষেত্ৰত মাইক্ৰচফ্টৰ প্ৰস্তাৱক সমৰ্থন কৰিছে ৷ ইফালে ভাৰত চীন সীমান্তৰ গালৱান উপত্যকাত হোৱা সংঘৰ্ষত ২০ জন সৈনিক শ্বহীদ হোৱাৰ পিছত ভাৰতে চীনৰ ৫৯ টা এপ নিষিদ্ধ কৰিছিল ৷ইয়াৰ পিছত চৰকাৰে পুনৰ চীনৰ ৪৭ টা এপ নিষিদ্ধ কৰে ।

Exit mobile version