কৰ’না ভাইৰাছৰ সকলো নীতি নিয়ম পালনেৰে সংসদত গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰস্তুতি

parliament pti final 1573993910

কৰ’না ভাইৰাছৰ মাজতে সম্প্ৰতি সংসদৰ অধিবেশনৰ কাৰণে প্ৰস্তুতি অব্যাহত কৰিছে চৰকাৰে ৷

কৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি চাৰিটা গেলেৰীত ৮৫ ইঞ্চি আৰু ৬ টা ৪০ ইঞ্চিৰ অডিঅ’ ভিজুৱেলৰ ব্যৱস্থা কৰা হ’ব ৷

লগতে শীত তাপ নিয়ন্ত্ৰিত কোঠাসমূহত যাতে ভাইৰাছ আৰু বীজাণু থাকিব নোৱাৰে তাৰ কাৰণে আলট্ৰা ইয়াডিশ্যন চিষ্টেমৰ ব্যৱস্থা।

সংসদৰ অধিবেশনৰ সময়ত সামাজিক ব্যৱধান মানি চলাটো প্ৰয়োজন ।কৰ’না নিয়ন্ত্ৰণৰ সকলো নীতি নিয়ম মানি চলিব লাগিব এই সময়ত।

আনহাতে বিভিন্ন দলৰ কাৰণে আসনসমূহো পৃথক হ’ব। ৰুলিং পাৰ্টিৰ লগতে আন পাৰ্টিৰ কাৰণে এটা বেলেগ ব্লক থাকিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় মন্ত্ৰী,সদন আৰু বিৰোধী নেতাসকলৰ কাৰণে ৰাজ্যসভাত আসন সংৰক্ষিত হ’ব। লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং,ড° এইচ ডি দেৱগৌড়াৰ কাৰণেও আসন সংৰক্ষিত হ’ব ৷

এক বিশেষ সূত্ৰৰ মতে কেৱল প্ৰতি চাৰিঘণ্টা অন্তৰে অন্তৰে সদন অনুষ্ঠিত হ’ব।

সদনত সংবাদমাধ্যমৰ লোকসকলো সামাজিক দূৰত্ব বৰ্তাই ৰাখি কেৱল ১৫ জনকৈহে বহিব পাৰিব ৷

বিগত সপ্তাহত এক বিশেষ সূত্ৰত প্ৰকাশ পাইছিল যে, সদনত কেৱল ৭ জন সংবাদদাতাহে প্ৰবেশ কৰিব পাৰিব।

উল্লেখযোগ্য যে সংবাদদাতা আৰু প্ৰাক্তন সাংসদসকলো সদন অনুষ্ঠিত হৈ থাকোতে প্ৰবেশ কৰিব নোৱাৰিব ৷

Exit mobile version