ধুবুৰীত কৰ’নাৰ সংহাৰঃচাফাই কৰ্মীসকল পোৱা নাই বেতন

b77f76ee 255b 4b70 8a3f 689c293bb8d7

সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰি অহা মাৰাত্মক কৰ’না ভাইৰাছৰ বিভীষিকাই মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাত এক অস্থিৰতাৰ সৃষ্টি কৰিছে। ধুবুৰী জিলা খনত ইতিমধ্যে প্ৰায় দুই সহস্ৰাধিক লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে। জিলাখনত ক’ভিড ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ কেইবাখনো অস্থায়ী ক’ভিড চিকিৎসালয় স্থাপন কৰি ৰোগীসমূহ চিকিৎসা প্ৰদান কৰি থকা থকা হৈছে।

প্ৰতিখন ক’ভিড হস্পিতালত নিয়োগ কৰা হৈছে চাফাইকৰ্মীসহ বহু অস্থায়ী কৰ্মচাৰী। কিন্তু জিলাখনৰ ক’ভিড হস্পিতালসমূহত চাৰিমাহ পূৰ্বে নিয়োগ কৰা চাফাই কৰ্মীসকলৰ চাৰিমাহৰ আজি অন্তিম দিন। কিন্তু আজিও এইসকল চাফাই কৰ্মীক বিগত চাৰি মাহে দৰমহা দিয়া হোৱা নাই। প্ৰাপ্ত অভিযোগ অনুসৰি ধুবুৰী জিলাখনত যি সমূহ ক’ভিড হস্পিতাল আছে প্ৰতিখন হস্পিতালত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে তিনি মাহৰ বাবে অস্থায়ী চাফাই কৰ্মী নিযুক্তি দিয়া হৈছে আৰু এওঁলোকে দিনে নিশাই নিজৰ জীৱনক তুচ্ছ কৰি নিজৰ দায়িত্ব পালন কৰি গৈছে।

যদিও পৰিতাপৰ কথা এয়াই যে চাৰিমাহ উকলি যোৱাৰ পিছতো আজিলৈকে তেওঁলোকৰ প্ৰাপ্য দৰমাহ মোকোলাই দিয়া হোৱা নাই বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে, ধুবুৰীৰ কিচমত হাচদহৰ ক’ভিড হস্পিতালত নিয়োজিত ৪ৰ্থ বৰ্গৰ চাফাইকৰ্মী সকলে। বৰ্তমানে এওঁলোকৰ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। শীঘ্ৰেই এওঁলোকৰ প্ৰাপ্য দৰমহা মোকোলাই দিয়াৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰে।

Exit mobile version