পিতৃৰ বিয়োগক একাষৰীয়াকৈ ৰাখি দেশৰ প্ৰতি থকা দায়িত্বত পালন এগৰাকী আৰক্ষী বিষয়াৰ

2020 8img13 Aug 2020 PTI13 08 2020 000026B scaled

পিতৃৰ মৃত্যুৰ পিছতো স্বাধীনতা দিৱসৰ পেৰেডত অংশ লৈ নিজৰ দায়িত্ব পালন কৰা এগৰাকী মহিলা আৰক্ষীয়ে সম্প্ৰতি সকলোতে চৰ্চা লাভ কৰিছে। তামিলনাডুৰ দিনদিগুল জিলাৰ এন মহেশ্বৰী নামৰ আৰক্ষীগৰাকীৰ এই সাহস আৰু দেশৰ প্ৰতি থকা দায়বদ্ধতাত সম্প্ৰতি সমগ্ৰ দেশে শুভেচ্ছা দিছে ৷

পুলিচৰ এক বিশেষ সূত্ৰৰ মতে ১৪ আগষ্টৰ নিশা আৰক্ষীগৰাকীয়ে পিতৃৰ মৃত্যুৰ খবৰ লাভ কৰে৷ ইয়াৰ পিছত শনিবাৰ অৰ্থাৎ ১৫ আগষ্টত পুৱা পেৰেডত অংশ লৈহে আৰক্ষীগৰাকী পিতৃৰ অন্ত্যোষ্টিক্ৰিয়াত অংশ ল’বলৈ যায় । সম্প্ৰতি সমগ্ৰ আৰক্ষী বিভাগটোৱেই মহিলা আৰক্ষী গৰাকীৰ দেশৰ কাৰণে দেখুওৱা দায়বদ্ধতাত গৰ্বিত অনুভৱ কৰিছে ।নিজৰ ব্যক্তিগত আৱেগক একাষৰীয়াকৈ ৰাখি মহিলা আৰক্ষীগৰাকীয়ে দেখুওৱা কৰ্তব্যনিষ্ঠাৰ শলাগ লৈছে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই ৷

Exit mobile version