পৰিৱৰ্তন হ’ব পাৰে যুৱতীসকলৰ বিয়াৰ ন্যূনতম বয়স

marriage

৭৪ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়াৰ কাৰণে যুৱতীসকলৰ ন্যূনতম বয়সৰ সন্দৰ্ভত বিচাৰ বিবেচনা কৰিব বুলি মন্তব্য কৰে ৷ সম্প্ৰতি যুৱতীসকলৰ বিয়াৰ নূন্যতম বয়স ১৮ ৰ পৰা ২১ হ’ব পাৰে । ইয়াৰ লগে লগে যুৱতীসকলৰ জীৱনত বহু পৰিৱৰ্তন আহিব । প্ৰধানমন্ত্ৰী মোদীয়ে কয় “আমি যুৱতীসকলৰ বিয়াৰ বয়সৰ ক্ষেত্ৰত পুনৰ আলোচনা কৰিবলৈ এখন সমিতি গঠন কৰিছো । সমিতিখনৰ দ্বাৰা প্ৰতিবেদন প্ৰস্তুত কৰাৰ পিছত আমি উচিত নিৰ্ণয় ল’ম” ।

লগতে নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত মহিলা সবলীকৰণৰ সন্দৰ্ভতো মন্তব্য কৰে । ইফালে দেশত ৪০ কোটি যি জনধন একাউণ্ট খুলিছে । তাৰেই ২২ কোটি মহিলাসকলৰ বুলি মন্তব্য কৰে মোদীয়ে ৷ মোদী চৰকাৰে গাঁও অঞ্চলত থকা ৫ কোটি মহিলাক চেনিটেৰী পেড প্ৰদান কৰিছে।

মহিলাসকলৰ শক্তি, সন্মানৰ প্ৰসংগত মোদীয়ে কয়, “যেতিয়াই মহিলাসকলে সুবিধা পাইছে তেতিয়াই তেওঁলোকে দেশক গৌৰাৱাম্বিত কৰিছে ৷ আজি দেশৰ মহিলাই কয়লা খনিতো কাম কৰাৰ লগতে বিমানো উৰুৱাই ৷ প্ৰধানমন্ত্ৰী মোদীয়ে এন চি চি ত মহিলাসকলৰ প্ৰগতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

Exit mobile version