১.৭কিলোমিটাৰ গভীৰত ধৰা পৰিল জোনবাইৰ নতুন গহ্বৰ

Screenshot 56

জোনবাইৰ ভূমিত অৰ্বিটাৰে বিচাৰি উলিয়ালে এটা নতুন গহ্বৰ । সম্প্ৰতি সেই ১.৭ কিলোমিটাৰ গভীৰ গাঁতটোৰ ফটো প্ৰেৰণ কৰিছে অৰ্বিটাৰে । অৱশ্যে এতিয়াও অক্ষত ৰূপত আছে লেণ্ডাৰ বিক্ৰমত সংলগ্ন অৰ্বিটাৰটো। এই নতুন গহ্বৰটোৰ নাম ৰখা হৈছে ‘ছাৰাভাই ক্ৰেটাৰ’। এই নতুন গহ্বৰটোৱে চন্দ্ৰৰ সম্পৰ্কে নানা অজ্ঞাত তথ্য দাঙি ধৰিব বুলি নাছায়ো আশা প্ৰকাশ কৰিছে।

অৰ্বিটাৰে তাত থকা হাই ৰিজলিউশ্ব‍্যন কেমেৰাৰে চন্দ্ৰপৃষ্ঠৰ নানা স্থানৰ থ্ৰী-ডি ফটো প্ৰেৰণ কৰি আছে । সম্প্ৰতি চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ সেই অংশসমূহ সক্ৰিয় হৈ থকাত চন্দ্ৰপৃষ্ঠৰ স্পষ্ট ফটো এতিয়াও পোৱা গৈছে বুলিয়ে ইছৰ’ৰৰ বিজ্ঞানীসকলে মতপ্ৰকাশ কৰে । সেয়ে ইছৰ’ সম্প্ৰতি ‘ছাৰাভাই ক্ৰেটাৰ’ৰ সন্দৰ্ভত যথেষ্ট আশাবাদী । ধাৰণা কৰা হৈছে যে ইয়াৰ ফটোৰ বিশ্লেষণ কৰিয়ে আমাৰ উপগ্ৰহৰ সম্পৰ্কে অনেক নতুন তথ্য জনা যাব ।

Exit mobile version