ৰাজনীতিত যোগদান কৰাৰ সন্দৰ্ভত কি ক’লে কংগনা ৰানাউটে

kangana ranautm

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাউতে ৰাজনীতিত যোগদান কৰিব বুলি প্ৰায়ে সংবাদ মাধ্যমত চৰ্চা চলি আহিছে। কংগনাই ৰাজনৈতিক বিষয়ত বিভিন্ন মতামত প্ৰকাশ কৰি আহিছে। লোকসভাৰ নিৰ্বাচনৰ আগন্তুক সময়ত কংগনাই বিজেপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিব বুলিও শেহতীয়াভাৱে এক বাতৰি প্ৰচাৰ হৈছিল । এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনাই স্পষ্টভাৱে কয় যে, ‘কংগ্ৰেছ-বিজেপি দুই দলেই তেওঁক টিকট দিব বিচাৰিছিল যদিও তেওঁৰ পেছা-নিছা ৰাজনীতি নহয়, বৰঞ্চ অভিনয়হে ।’

কালি টুইট কৰি কংগনাই কৈছিল, এই কথা সকলোকে জনাব বিচাৰো যে যিসকলে ভাবিছে যে মই ৰাজনীতিত যোগ দিবলৈ বিচৰা হেতুকে প্ৰধানমন্ত্ৰী মোদীজীক সমৰ্থন জনাই আহিছো, তেওঁলোকে জানি থওক যে কথাটো সেয়া নহয়। মোৰ ককা ১৫ বছৰ ধৰি কংগ্ৰেছৰ বিধায়ক হৈ আছে। হিমাচল প্ৰদেশত আমাৰ পৰিয়াল ৰাজনীতিত যথেষ্ট জনপ্ৰিয়। সেয়েহে মই প্রথম ছবি ‘গেংষ্টাৰ’ত অভিনয় কৰাৰ সময়ৰ পৰাই কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ লাভ কৰিছিলো। দুয়োটা দলে মোক টিকট দিব বিচাৰিছিল ‌ । কিন্তু মই ৰাজী হোৱা নাছিলো। কাৰণ মই অভিনয়ক লৈ বৰ ব্যস্ত। অভিনয়ে মোৰ জীৱনৰ ভালপোৱা। সেয়েহে অভিনয়তে ব্যস্ত থাকিব বিচাৰো। ‘ উল্লেখ্য যে, বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত নেপ’টিজম সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পাছত সকলোৰে চৰ্চিত বিষয় হৈ পৰিছিল কংগনা ৰানাউট।

Exit mobile version