অসমৰ বানাক্ৰান্তলৈ ১কোটিৰ সাহায্য অক্ষয় কুমাৰৰঃটুইটাৰযোগে ধন্যবাদ মুখ্যমন্ত্ৰী সোনোৱালৰ

akshay kumar trolled on twitter hawas ka devta akshay trends 0001

অসমৰ বানাক্ৰান্তৰ বাবে ১ কোটিৰ সাহাৰ্য আগবঢ়াইছে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে ৷এই কথা টুইটাৰযোগে জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

ইতিমধ্যে অক্ষয় কুমাৰক টুইটাৰৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰি সৰ্বানন্দ সোনোৱালে কয়” অসমৰ বান সাহায্যৰ বাবে ১ কোটি টকা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ অক্ষয় কুমাৰ ৷দুৰ্যোগৰ সময়ত আপুনি সদায় আমাৰ স’তে আছে ৷

অসমৰ এজন প্ৰকৃত বন্ধু হিছাপে বিশ্ব দৰবাৰত আপোনাৰ যশস্যা বিয়পাবলৈ ভগৱানে আপোনাক সহায় কৰক ৷উল্লেখযোগ্য যে অক্ষয় কুমাৰে অসমবাসীক সহায় কৰাটো এইয়াই প্ৰথম নহয়।

বিগত বৰ্ষটো অসমৰ বানাক্ৰান্তলৈ ২কোটিৰ সাহায্য আগবঢ়াইছিল অক্ষয়ে। অসমৰ উপৰিও মানৱ দৰদী অক্ষয়ে ভাৰতীয় সেনা বাহিনীকো বিভিন্ন ধৰণে সহায় কৰি আহিছে।

Exit mobile version