ফ্ল’ৰিডাত নীলা আকাশৰ পৰা নামি আহিল তীক্ষ্ণ বিদ্যুতৰ আভা

Screenshot 57

পৃথিৱীত যিকোনো সময়তে অথবা যিকোনো অঞ্চলতে বজ্ৰপাত হ’ব পাৰে ।কিন্তু বজ্ৰপাত হোৱাৰ সময়ত আকাশত ঘন কলীয়া ডাৱৰ ভৰি থাকে । কিন্তু বিনা মেঘে বজ্ৰপাত হোৱা কোনোবাই দেখিছেনে ?এই ফকৰা যোজনা কোনো তুলনা দিবলৈহে সাধাৰণতে ব্যৱহাৰ কৰা হয় যদিও শেহতীয়াকৈ এনে এক ঘটনা বাস্তৱত সংঘটিত হৈছে ।

সমগ্ৰ ঘটনাটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাস্থিত টাম্পা চহৰৰ জোনাথন মুৰ নামৰ এজন লোকে কেমেৰাত বন্দী কৰে । ভিডিঅ’ টোত দেখিবলৈ পোৱা অনুসৰি বিনা মেঘেই আকাশৰ পৰা পৰিছে বজ্ৰ । পৰিষ্কাৰ আকাশৰ পৰাই পৃথিৱীৰ বুকুলৈ নামি আহিছে এক বিদ্যুতৰ আভা । এই শুকুলা মেঘৰ বাহিৰে আকাশখন প্ৰায় নীল বৰণৰ হৈ আছে । এনে অৱস্থাত স্বাভাৱিকতে ব্ৰজপাত দেখিবলৈ পোৱা নাযায় ।

কিন্তু এনে স্বাভাৱিক অৱস্থাৰ মাজতেই অস্বাভাৱিক ৰূপত আকাশৰ পৰা নামি আহিল তীক্ষ্ণ বিদ্যুতৰ আভা । এই বিদ্যুতৰ আভাই মাটি স্পৰ্শ কৰাৰ পূৰ্বে তাল গছ এডালক স্পৰ্শ কৰে । ফলত ভাঙি পৰে তালৰ এটি পাত। ইউটিউবত ষ্ট্ৰৰিফুল ৰাইটছ মেনেজমেণ্ট নামৰ এটি চেনেলে ‘আপলোড’ কৰে ভিডিঅ’টো । ইয়াৰ পাছতে সম্প্ৰতি ভাইৰেল হয় এই ভিডিঅ’ ।

Exit mobile version