মালয়েছিয়াত কৰ’নাতকৈও ১০গুণ অধিক মাৰাত্মক ভাইৰাছৰ সন্ধান

Screenshot 58

মালয়েছিয়াত সন্ধান পোৱা গৈছে কৰ’নাতকৈও ১০গুণ অধিক মাৰাত্মক ভাইৰাছৰ । দেশখনৰ স্বাস্থ্যমন্ত্ৰণালয়ৰ সঞ্চালক প্ৰধান নুৰ হিশাম আব্দুলাই এই দাবী কৰিছে । ‘ডি ৬১৪জি’ নামৰ কৰ’না ভাইৰাছৰ এই নতুন প্ৰজাতিটো ‘চাৰ্চ -কোভ-২’তকৈ ১০ গুণ অধিক ভয়াবহ ।

ADVERTISEMENT

উল্লেখ্য যে মালয়েছিয়াৰ এজন বাসিন্দাই শেহতীয়াকৈ ভাৰতৰ পৰা নিজ দেশলৈ পুনৰ উভতি গৈছিল । এই বাসিন্দাজনৰ শৰীৰত এই নতুন প্ৰজাতিৰ ভাইৰাছৰ অস্তিত্ব দেখিবলৈ পোৱা গৈছিল ।

আনহাতে, মালয়েছিয়াৰ এজন ৰেস্তোৰাঁৰ মালিকৰ শৰীৰতো এই ভাইৰাছৰ অস্তিত্ব দেখিবলৈ পোৱা হয় । আব্দুলাই দাবী কৰা অনুসৰি বৰ্তমান ক’ভিড-১৯ৰ বিৰুদ্ধে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত সৃষ্ট প্ৰতিষেধকবিলাক এই নতুন ভাইৰাছৰে যুঁজিবলৈ সক্ষম নহ’ব । আব্দুলাই দাবী কৰা অনুসৰি নতুন এই ভাইৰাছে

কৰ’নাতকৈ কে’বাগুণ অধিক গতিত সংক্ৰমিত হোৱাৰ শক্তি লাভ কৰিছে ।সেয়েহে নাগৰিকসকলক স্বাস্থ্য বিধি মানি চলাৰ লগতে এনে স্বাস্থ্য বিধিক অভ্যাসত পৰিণত কৰি ল’বলৈকো চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। অৱশ্যে এই ভাইৰাছক লৈ আতংকগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই বুলি জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই নতুন ভাইৰাছে ভয়াবহ ৰোগ সৃষ্টি কৰিব পাৰে বুলি এতিয়ালৈকে স্পষ্ট কোনো প্ৰমাণ লাভ কৰা হোৱা নাই । শেহতীয়াকৈ একমাত্ৰ মালয়েছিয়াতেই নহয় ইউৰোপ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰতো এই ভাইৰাছৰ অস্তিত্ব লাভ কৰা হৈছে।

Exit mobile version