ৰাজ্যৰ উন্নয়নক লৈ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈক বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ প্ৰত্যাহ্বান

29THPRADYUTBORDOLOI

নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰাজ্য চৰকাৰৰ ৫০০ খনতকৈ অধিক আঁচনিৰ ৰূপায়ণৰ খতিয়ান বিচৰা কার্যৰ প্ৰত্যুত্তৰ দি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে, কংগ্ৰেছী সাংসদ গৰাকীয়ে চৰকাৰখনৰ উন্নয়নমূলক কাম কাজৰ বিষয়ে অধ্যয়ন কৰি মন্তব্য দিয়া উচিত।

সেয়ে চৰকাৰৰ কাম-কাজৰ জ্ঞান নথকা কংগ্ৰেছী সাংসদ বৰদলৈক ইতিমধ্যে ডাকযোগে চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ তথ্য প্ৰেৰণ কৰা হৈছে । এই আঁচনিসমূহৰ তথ্য ভিত্তিক ৰূপায়ণৰ ক্ষেত্ৰত যদি কিবা ভুল থাকে তেন্তে বিজেপিয়ে আগন্তুক দিনত ৰাজনীতি নকৰে বুলি ৰঞ্জিত কুমাৰ দাসে মুকলি প্ৰত্যাহ্বান জনায়।

Exit mobile version