আইচিআইচিআইৰ শ্বেয়াৰ ক্ৰয় চীনা কেন্দ্ৰীয় বেংকৰ

1200px Icici

এইছডিএফচি বেংকৰ পাছত এইবাৰ আইচিআইচিআই বেংকো চীনৰ শৰণাপন্ন হ’ল । পুনৰ ভাৰতীৰ সংস্থাত বিনিয়োগ কৰিলে ‘পিপ’লছ বেংক অৱ চাইনা’ই । এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ দাবী অনুসৰি, আইচিআইচিআই বেংকে বজাৰৰ পৰা শেহতীয়াকৈ ১৫ হেজাৰ কোটি টকাৰ মূলধন সংগ্ৰহ কৰিছে । মুঠ ৩৫৭ টা কোম্পানীয়ে বেংকটোৰ শ্বেয়াৰ ক্ৰয় কৰিছে । ইয়াৰ ভিতৰত চীনৰ পিপলছ বেংকে বিনিয়োগ কৰিছে ১৫কোটি টকা ।

পিপ’লছ বেংক অৱ চাইনাই তিনি মাহৰ পূৰ্বে এইছডিএফচি বেংকৰ বিপুল শ্বেয়াৰ ক্ৰয় কৰিছিল। তাৰ আগতেও চীনা বেংকটোৱে এইছডিএফচিৰ ০.৮শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছিল । ফলত পিপ’লছ বেংক অৱ চাইনা সম্প্ৰতি এইছডিএফচিৰ প্ৰায় দুই শতাংশ শ্বেয়াৰৰ গৰাকী । এইবাৰ আইচিআইচিআই বেংকতো ১৫ কোটিৰ শ্বেয়াৰ ক্ৰয় কৰিলে চীনা কেন্দ্ৰীয় বেংকটোৱে । এই বিষয়টোৱেই চিন্তা বৃদ্ধি কৰিছে ভাৰতীয় বিনিয়োগকাৰীসকলৰ।

Exit mobile version