নগাঁৱৰ অবৈধ বালি মহলৰ পৰা নিতৌ ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ

IMG 20200819 WA0007 1

নগাঁও জিলা বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ একাংশ লোকে জিলা খনৰ কামপুৰ, চাপৰমুখ, ৰহা, আঁহতগুৰিত কপিলী আৰু নিশাৰী নৈত অবৈধ বালিৰ মহল চলাই থকা পৰিলক্ষিত হৈছে । জিলা খনৰ কামপুৰত তিনিটা, চাপৰমুখত দুটা, লাওপানীত দুটা, আহঁতগুৰিত দুটা, ভেলেউগুৰি আৰু চাংমাঝিত এটাকৈ অবৈধ বালি মহল চলাই থকাৰ অভিযোগ উঠিছে ।

স্মৰ্তব্য যে, এই অবৈধ বালিৰ মহলসমূহ নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত কামপুৰ আৰু কঠিয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন অঞ্চলত চলাই থকা হৈছে । একাংশ লোকে বালিৰ মহল যি স্থানত আবন্টন লাভ কৰিছে সেই স্থানৰ উপৰিও আন স্থানতো অবৈধ বালিৰ মহল স্থাপন কৰি নিতৌ ট্ৰাকে ট্ৰাকে বালি বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে । তাৰোপৰি, এখন চালানকে ব্যৱহাৰ কৰি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰা, জোখতকৈ বহু বেছি পৰিমাণৰ বালি সৰবৰাহ কৰা ঘটনাও অবৈধ ভাৱে সংঘটিত হৈ আছে । কিন্তু এই সকলোবোৰ দেখিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কামপুৰ, ধৰমতুল আৰু কঠিয়াতলী বনাঞ্চলিক বিষয়া আৰু অধীনষ্ঠ বিষয়াসকলে।

জিলা খনৰ একাধিক নৈত কে’বাটাও অবৈধ বালি মহল চলি থকাৰ সন্দৰ্ভত ৰাইজৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰী কিছু কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে । তেওঁৰ নিৰ্দেশত নগাঁও সদৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন বিভাগৰ অভিযানকাৰী দলে বিভিন্ন সময়ত অভিযান চলাই নগাঁও চহৰ আৰু কেতবোৰ অঞ্চলত কে’বাখনো অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰিছে ।

আজিও পুৱতি নিশা নগাঁৱৰ বন বিভাগৰ লোকে এক অভিযান চলাই তিনিখন অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে, জিলাখনৰ কামপুৰৰ পৰা তিনিখনকৈ ট্ৰাকে অবৈধভাৱে বালি কঢ়িয়াই লৈ নগাঁও চহৰৰ দিশে আহি থকাৰ খবৰ বন বিভাগৰ লোকে গোপন সূত্ৰে লাভ কৰি চহৰ খনৰ মৰিকলঙৰ সমীপত অভিযান চলাই এ এছ ২১ – ৮১২৬, এ এছ ০৯ এচি ৭৫৬৩, এএছ ০৯ এচি ২৩৩৭ নম্বৰৰ ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয় ।

বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে উক্ত জব্দ কৰা ট্ৰাক কেইখনৰ বন বিভাগৰ কোনো বৈধ অনুজ্ঞাপত্ৰ নাই । এই ট্ৰাক কেইখনে দীৰ্ঘদিন ধৰি বন বিভাগৰ লোকক চকুত ধূলি দি অবৈধভাৱে নগাঁৱৰ বিভিন্ন ঠাইলৈ বালি সৰবৰাহ কৰি আহিছিল । বন বিভাগে জব্দ কৰা বালিৰ পৰিমাণ প্ৰায় ১৮ চি এম হ’ব বুলিও বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে ।

Exit mobile version