ভাৰতত কৰ’না ভাইৰাছৰ প্ৰতিষেধক উৎপাদন বৃদ্ধি কৰিবলৈ আগ্ৰহী ৰাছিয়া

coronavaccine1.v1

ভাৰতত কৰ’না যুদ্ধত সহযোগৰ বাবে আগ্ৰহী বন্ধুৰাষ্ট্ৰ ৰাছিয়া । বিগত সপ্তাহতে ৰাছিয়াই সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথম কৰ’না ভাইৰাছৰ প্ৰতিষেধক নিৰ্মাণ কৰি উলিওৱাৰ খবৰ প্ৰকাশিত হৈছে । ইতিমধ্যে পৰ্যায়ক্ৰমে এই ভাইৰাছৰ মানৱ দেহত পৰীক্ষণো হৈ গৈছে । এতিয়া এই ভেকচিন উৎপাদনৰ ক্ষেত্ৰত ভাৰতক অংশীদাৰ হিচাপে বিচাৰিছে ৰাছিয়াই ।

‘ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড’ৰ অধ্যক্ষ কিৰিল দিমিত্রিয়েভে এই সন্দৰ্ভত জনাই, ‘ভাৰতৰ লগত আমাৰ যথেষ্ট সহযোগিতা আছে । ক’ভিড-১৯ প্ৰতিষেধকৰ উৎপাদন বৃদ্ধিৰ প্ৰচুৰ ক্ষমতা ভাৰতৰ আছে ।সেয়েহে ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ উৎপাদন ভাৰতত বৃদ্ধি কৰিবলৈ আগ্ৰহী ।”

লগতে দিমিত্ৰিভে জনায়, ‘এই ক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সহযোগিতা আগবঢ়াইছে । ভাৰত, ভাৰতৰ বৈজ্ঞানিক-গৱেষকৰ লগত আমাৰ পূৰ্ণ সহযোগিতা আছে ।’ লগতে তেওঁ কয়, ‘এই প্ৰতিষেধক সম্পূৰ্ণ নিৰাপদ । মোৰ ৯০বৰ্ষীয় পিতৃ-মাতৃকো এই ভেকচিন দিয়া হৈছে ।’

লগতে তেওঁ জনাই যে এই ভেকচিন উৎপাদনৰ ক্ষেত্ৰত ‘হু’ৰ মঞ্জুৰীৰ কোনো আৱশ্যকতা নাই । উল্লেখ্য যে ৰাছিয়া, ব্ৰিটেইনৰ লগতে ভাৰততো ৩টা ভেকচিনৰ মানৱ পৰীক্ষণ আৰু গৱেষণাৰ কাম অব্যাহত আছে। ৰাছিয়াৰ এই প্ৰস্তাৱৰ বিষয়ে এইপৰ্যন্ত ভাৰত চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

Exit mobile version