শিল্পী চুইটি সৰকাৰৰ মনৰ কথাৰে

Screenshot 20200819 192357

তলাবন্ধৰ প্ৰভাৱ: ছচিয়েল মিডিয়াত উদীয়মান শিল্পীৰ চর্চালাভ

♦সমগ্ৰ দেশজুৰি চলি থকা তলাবন্ধৰ ইতিবাচক প্ৰভাৱ। তলাবন্ধৰ সময়ছোৱাত চছিয়েল মিডিয়াৰ অন্যতম ইউটিউৱ, ফেচবুক আদিত নলবাৰীৰ জাপাকুচিৰ উদীয়মান শিল্পী চুইটি সৰকাৰে যথেষ্ট চৰ্চালাভ কৰিছে।

গীত, নৃত্য আৰু অভিনয়ৰ লগত জড়িত শিল্পীগৰাকীয়ে তলাবন্ধৰ সময়ত বহুকেইটা ফেচবুক পৃষ্ঠাত ‘লাইভ’ অনুষ্ঠান কৰাৰ লগতে ইউটিউৱটো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তলাবন্ধৰ আৰম্ভনিতে ‘সুৰৰ ঝংকাৰ’ নামৰ এটা ফেচবুক পেজত শিল্পীগৰাকীয়ে প্ৰথম লাইভ অনুষ্ঠান কৰিছিল। ইয়াৰ পিছতে বৰ্তমান প্ৰায় প্ৰতিদিনে বিভিন্ন পেজত লাইভ অনুষ্ঠান কৰি আছে শিল্পীগৰাকীয়ে। লগতে ‘অলা ক্ৰেজি’ নামৰ ইউটিউৱ চেনেলটোৰ লগত জড়িত হৈ গানৰ দৃশ্যায়নটো ব্যস্ত হৈ পৰিছে।

উল্লেখ্য যে চছিয়েল মিডিয়াত শিল্পীগৰাকীৰ লাইভ অনুষ্ঠান আৰু ভিডিঅবোৰত যথেষ্ট ভিউজ লাভ কৰাৰ লগতে বহুসংখ্যক লাইক আৰু কমেণ্ট লাভ কৰি চৰ্চালাভ কৰিছে। ২০০৭ ত ‘গুৰুদক্ষিণা’ নামৰ নাটকখনত শিশুশিল্পীৰ চৰিত্ৰৰ জৰিয়তে অভিনয়ৰ পাতনি মেলিছিল। ২০১৫ ত ‘প্ৰহেলিকা’ নামৰ একাংকিকা নাটকখনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা শিল্পীগৰাকীয়ে বৰ্তমানলৈকে ত্ৰিশ বাৰৰো অধিক ৰাজ্যিক ভিত্তিক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি টেলিভিছনৰ এক জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ত কাজলৰ চৰিত্ৰত অভিনয় কৰিও শিল্পীগৰাকীয়ে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বহুকেইখন চুটি ছবিটো অভিনয় কৰিছে শিল্পীগৰাকীয়ে।নাট্যক্ষেত্ৰত জড়িত হৈ ধাৰাবাহিকত কাম কৰাৰ সুযোগ লাভেই শিল্পীগৰাকীৰ জীৱনৰ ‘টার্নিং পইণ্ট’ বুলি তেওঁ উল্লেখ কৰে।

তদুপৰি তলাবন্ধৰ সময়ত চছিয়েল মিডিয়াত চৰ্চা লাভ কৰি উৎসাহী হোৱা শিল্পীগৰাকীয়ে কয়, “আগতে মঞ্চত অভিনয় কৰিছিলোঁ। তলাবন্ধৰ বাবে এতিয়া প্ৰায়েই বিভিন্ন ফেচবুক পেজত লাইভ অনুষ্ঠান কৰিবলৈ লৈছোঁ। ৰাইজৰ মৰম পাই দুগুন উৎসাহী হৈছো। ৰাইজৰ মৰমৰ বাবে মই আজি এক পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছোঁ।” ৰাইজৰ মৰমৰ অবিহনে শিল্পী হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, ” শিল্পী হ’বলৈ প্ৰতিভা থাকিবই লাগিব। কিন্তু ইয়াৰ উপৰিও শিল্পী সকলৰ, বিশেষকৈ নৱ প্ৰজন্মৰ শিল্পী সকল কথাৰ ভংগী বা শব্দ প্ৰক্ষেপনৰ ক্ষেত্ৰত যথেষ্ট সাবধান হবলাগে বুলি মই ভাবোঁ। ‘কথাত কটা যায়, কথাত বঁটা পায়’ শীৰ্ষক বাক্যশাৰী মই মানি চলোঁ।”

শিল্পীগৰাকী অসমৰ লোক সংগীত আৰু লোক নৃত্যৰ ক্ষেত্ৰখনত কাম কৰাৰ বাবে যথেষ্ট আগ্ৰহী। শিল্পীগৰাকীয়ে বিহু, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্য, বড়ো সকলৰ বিভিন্ন লোক নৃত্য আদিৰ চৰ্চা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। বিগত বৰ্ষত শিল্পীগৰাকীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত ইউৰোপত অনুষ্ঠান পৰিৱেশন কৰে।

তদুপৰি দিল্লী, কলকাতা, এলাহবাদ আদিতো সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত অনুষ্ঠান পৰিবেশন কৰিবলৈ সক্ষম হৈছে। শিল্পীগৰাকীৰ ‘ৰিচ কালচাৰ অৱ আচাম’ আৰু ‘অ’চাম আছাম’ নামৰ দুটা ইউটিউৱ চেনেল আছে। সম্প্ৰতি বহুকেইটা ইউটিউৱ চেনেলৰ বাবে গীতৰ দৃশ্যয়নত ব্যস্ত হৈ আছে শিল্পীগৰাকী। বৰ্তমান সময়ত ইউটিউৱ ‘ভিউৱাৰ’ সকলে থলুৱা কথা-বাৰ্তাৰ ‘কন্টেন্ট’ সমূহ বেছি পছন্দ কৰে বুলিও শিল্পীগৰাকীয়ে কয়।

উল্লেখ্য যে, শিল্পীগৰাকীৰ পিতৃ বিমল সৰকাৰে ‘ৰূপকোঁৱৰ থিয়েটাৰ’ত প্ৰায় ১০ বছৰ অভিনয়ৰ লগত জড়িত আছিল। শিল্পীগৰাকীৰ ভগ্নী নিশাৰাণী সৰকাৰো গীত, নৃত্য আৰু অভিনয়ৰ লগত জড়িত। ভূগোল বিজ্ঞানত স্নাতক শিল্পীগৰাকী সম্প্ৰতি এখন বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে নৃত্য প্ৰশিক্ষক ৰূপেও কাম কৰি আছে। শিল্পী গৰাকীৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “আমি এক মধ্যবিত্ত পৰিয়ালৰ সন্তান। মাৰ মৃত্যুৰ পিছত দেউতাই আমাক গীত, নৃত্য আদিৰ স্কুলত নাম লগাই দিয়াত কিছু অসুবিধা হৈছিল। যাৰ বাবে ভণ্টি আৰু মই বহু দেৰিকৈ গীত, নৃত্য, অভিনয় আদিৰ আনুষ্ঠানিক শিক্ষা লবলগীয়া হৈছিল। সেইবাবে ভণ্টি আৰু মই এখন গীত, নৃত্য আৰু অভিনয়ৰ শিক্ষানুষ্ঠান খোলাৰ পৰিকল্পনা কৰিছোঁ। য’ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লৰা-ছোৱালীক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিম।” অৰ্থৰ অভাৱত যাতে প্ৰতিভাৱান কোনো লৰা-ছোৱালী সাংস্কৃতিক ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবেই উক্ত পৰিকল্পনা শিল্পীভগ্নীদ্বয়ৰ।

Exit mobile version