সুশান্তৰ আত্মহত্যাৰ তদন্ত উচ্চতম ন্যায়ালয়ে চি বি আইক দিয়াৰ সিদ্ধান্তক আদৰণি বলীউডৰ

image 1597817914946000 tvww0mjy1s

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত উচ্চতম ন্যায়ালয়ে চি বি আইক দিয়াৰ পিছতে সন্তুষ্টি প্ৰকাশ কৰিছে বলীউডৰ লগতে সৰু পৰ্দাৰ বহু অভিনেতা অভিনেত্ৰীয়ে । ন্যায়ালয়ৰ এই সিদ্ধান্তক কংগনা ৰানাউট, অক্ষয় কুমাৰ, অনুপম খেৰ, কৃতি চানন, আশোক পণ্ডিত, ৰণৱীৰ শোৰীৰ লগতে সকলোৱে টুইটাৰ যোগে সমৰ্থন জনায় ৷

বলীউডৰ অভিনেতা অক্ষয় কুমাৰে টুইট কৰে “উচ্চতম ন্যায়ালয়ে সুশান্তৰ আত্মহত্যাৰ তদন্তৰ দায়িত্ব চি বি আইক দিছে ৷ সত্যৰ সদায় জয় হয় ৷” অনুপম খেৰে টুইট কৰে “জয় হো জয় হো জয় হো” ৷ সুশান্তৰ আত্মহত্যাৰ তদন্তক লৈ চৰ্চাত থকা কংগনা ৰানাউটে টুইট কৰে “মানৱতাৰ জয় হ’ল ।” SSR ৰ যোদ্ধাসকলৰ প্ৰত্যেককে শুভেচ্ছা ৷  প্ৰথমবাৰৰ কাৰণে মই শান্তি পাইছো ৷”

আন এজন অভিনেতা পৰেশ ৰাৱলে লিখে “সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য, সত্য আৰু ন্যায়ৰ জয় হ’ব লাগে ৷ ধন্যবাদ উচ্চতম ন্যায়ালয় ৷ চিবিআই আপোনালোকক স্বাগতম ৷” বলীউডৰ অভিনেত্ৰী তথা সুশান্তৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল বুলি চৰ্চা লাভ কৰা কৃতি চাননে কয় “বিগত দিনসমূহ বহুত অসহায় আৰু অস্পষ্ট আছিল ৷ উচ্চতম ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশৰ পিছত আশাৰ কিৰণ দেখা পোৱা গৈছে যে সৰ্বশেষত সত্যৰ জয়ী হ’ব  ৷ এতিয়া সকলোয়ে সমালোচনা বাদ দি চি বি আইক নিজৰ কাম কৰিবলৈ দিয়ক আৰু ভৰষা ৰাখক।”

ছবি নিৰ্মাতা আশোক পণ্ডিতে “সুশান্তক হত্যা কৰা সকলৰ বিৰুদ্ধে কৰা যুঁজখনৰ প্ৰথম পৰ্যায়ত জয়ী হোৱাৰ কাৰণে অভিনেতাজনৰ পৰিয়াললৈ বহুত শুভেচ্ছা।” উল্লেখযোগ্য যে বিগত ১৪ জুনত মুম্বাইৰ বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰে । ইয়াৰ পিছতে সুশান্তৰ আত্মহত্যাৰ তদন্ত মুম্বাইৰ পুলিচে কৰিছিল যদিও অভিনেতাজনৰ জন্মস্থান বিহাৰ আৰক্ষীয়ে বিচাৰিছিল চি বি আইৰ তদন্ত ৷ সৰ্বশেষত উচ্চতম ন্যায়ালয়ে সুশান্তৰ আত্মহত্যাৰ তদন্ত চি বি আইক দিয়াত সকলোৱে অভিনেতাজনে ন্যায় পাব বুলি আশা প্ৰকাশ কৰিছে ।

Exit mobile version