বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত উচ্চতম ন্যায়ালয়ে চি বি আইক প্ৰদান কৰে । ইতিমধ্যে সুশান্তৰ পিতৃ কে কে সিঙৰ অভিযোগ অনুসৰি ই ডিৰ লগতে মুম্বাইৰ আৰক্ষীয়ে অভিনেতাজনৰ আত্মহত্যাৰ তদন্ত কৰিছে ৷ এই তদন্তৰ আওতাত সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ পৰিয়ালক ধনৰ লেনদেন সন্দৰ্ভত জেৰা কৰিছে ইডিয়ে । আনহাতে মুম্বাইৰ আৰক্ষীয়ে বিৰোধিতা কৰিছিল চিবিআইৰ তদন্ত ৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে বিহাৰ আৰক্ষীয়ে ৷ চাওঁ আহক এতিয়ালৈকে সুশান্তৰ তদন্তৰ সবিশেষ তথ্য
- সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে অভিনেতাজনৰ পিতৃয়ে পাটনাত দিয়া এজাহাৰ মুম্বাইলৈ আনিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে ৷
- উচ্চতম ন্যায়ালয়ৰ মন্তব্য যে মুম্বাইৰ আৰক্ষীয়ে সুশান্তৰ মৃত্যুক দুৰ্ঘটনা সদৃশ মৃত্যু বুলি সদৰী কৰে । কিন্তু বিহাৰ আৰক্ষীয়ে এই সন্দৰ্ভত সম্পূৰ্ণ এজাহাৰ দাখিল কৰে ৷ যাৰ জৰিয়তে সম্প্ৰতি চি বি আইয়ে তদন্ত আগবঢ়াই নিছে ৷
- এজন প্ৰতিভাসম্পন্ন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত অভিনেতাজনৰ পৰিয়াল, বন্ধু সকলোৱেই বিচাৰিছে যে অভিনেতাজনৰ আত্মহত্যাৰ তদন্ত হওক । আনহাতে ন্যায়ালয়ৰ মতে “এই মৃত্যু অত্যন্ত দুৰ্ভাগ্যজনক ৷ একমাত্ৰ সন্তান হেৰুৱা এজন পিতৃয়ে ন্যায় নিশ্চয় পাব ।”
- ইতিমধ্যে মহাৰাষ্ট্ৰইও চিবিআইক সুশান্ত সিং ৰাজপুতৰ লগত সহযোগ কৰাৰ আশ্বা দিছে ৷ যদি সুশান্তৰ মৃত্যুৰ লগত আন কোনো ঘটনা জৰিত হৈ থাকে তেন্তে সকলোকে তদন্তৰ আওতাত অনা হ’ব ৷ আনহাতে উচ্চতম ন্যায়ালয়ৰ মতে চিবিআইৰ তদন্ত ৰিয়া চক্ৰৱৰ্তীয়ে বিৰোধ কৰা নাই।
- ৩৪ বছৰীয়া বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত উদ্ধাৰ কৰা হয় । মুম্বাইৰ পুলিচৰ মতে এইয়া আছিল আত্মহত্যা । লগতে নেপ’টিজম আৰু দীৰ্ঘদিনীয়া হতাশাত ভূগি আছিল অভিনেতা সুশান্ত সিং ৰাজপুত।
- ইপিনে সুশান্তে আত্মহত্যা কৰা এমাহ পূৰ্বে অভিনেতাজনৰ পিতৃয়ে পুত্ৰক বিত্তীয়ভাৱে শোষণ কৰাৰ অপৰাধত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে বিহাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷