অনলাইন যোগে ভুৱা একাউণ্টৰ জৰিয়তে আনৰ নামত ঋণ লৈ লাখ লাখ টকা আত্মসাৎ চাইবাৰ অপৰাধীৰ

WhatsApp Image 2020 08 20 at 6.25.36 PM

আপোনাৰ ওচৰলৈ বাৰু পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিবৰ বাবে কোনো ব্যক্তি আহিছে নেকি? তেন্তে আপুনি সাৱধান হওঁক । পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰাৰ সুবিধা পালে চাইবাৰ অপৰাধীয়ে আপোনাৰ তথ্য চুৰি কৰি আপোনাৰ নামত লাখ লাখ টকা ঋণৰ টকা সৰকাই আপোনাক সৰ্বস্বান্ত কৰিব পাৰে ।

আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডৰ লিংক কৰাৰ প্ৰলোভন দি সাধাৰণ লোকক বলি শালৰ পঠা সজোৱাৰ ভয়ানক জাল পেলাই চাইবাৰ অপৰাধীয়ে কোটি টকা সৰকোৱাৰ এক ভয়ংকৰ তথ্য মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীৰ তদন্তত ফাদিল হৈছে । গ্ৰেপ্তাৰ হৈছে পাঁচজনকৈ দুধৰ্ষ চাইবাৰ অপৰাধী । মৰিগাওঁ জিলাৰ লাহৰীঘাট, মৈৰাবাৰী, ভূৰাগাঁও আদি অঞ্চলত সম্প্ৰতি চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ।

এদিনতে লাখ লাখ টকা লুণ্ঠন কৰি সোণৰ কাৰেং সজোৱাৰ সপোন দেখা তেনে পাঁচ অপৰাধীৰ স্বীকাৰোক্তিত ফাদিল হৈছে বহু ভয়ংকৰ তথ্য । সহজ সৰল লোকক পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিব বুলি আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ ফটো কপি সংগ্ৰহ কৰি উক্ত তথ্যৰ সহায়ত অনলাইনতে ভুৱা একাউণ্ট খুলি অথবা নিৰক্ষৰ লোকৰ নামত একাউণ্ট খুলি অনলাইন যোগে ঋণৰ আবেদন কৰি ধৃত পাঁচ অপৰাধীয়ে কোটি কোটি টকা আত্মসাৎ কৰিছিল বিদেশী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা । বিনিময়ত ধাৰুৱা হ’ল একাংশ সাধাৰণ লোক।

পাঁচ অপৰাধীয়ে দিয়া স্বীকাৰোক্তিৰ মতে আপোনাৰ নামতো ঋণ সৰকাই নিব পাৰে এনে চাইবাৰ অপৰাধীয়ে । CASH MAP, OK CASH, STAR LOAN, RUPEE BOX আদি বিশেষ এপ’ৰ সহায়ত এনে ঋণৰ বাবে অনলাইনত আবেদন কৰিব পাৰি। আবেদন কৰাৰ ৩৬ ঘণ্টাৰ ভিতৰত আবেদকে লাভ কৰে ঋণৰ টকা। নিম্নতম এক হাজাৰৰ পৰা ৬৫ – ৭৫ হাজাৰ পৰ্যন্ত হব পাৰে এনে ঋণ ।

আনৰ পেন কাৰ্ড আধাৰ কাৰ্ড আৰু ভুৱা ফটো দি এনেদৰে খুলা একাউণ্টত ঋনৰ টকা সোমোৱা মাত্ৰকে লাভ কৰে অ টি পি। আৰু তাৰ পাছতে নিজৰ paytmৰ সহায়ত উক্ত একাউণ্টৰ পৰা নিজা একাউণ্টলৈ চাইবাৰ অপৰাধী কেইটাই ট্ৰেন্সফাৰ কৰিছিল লাখ লাখ টকা। চাইবাৰ অপৰাধী চক্ৰটোৱে গুৱাহাটীৰ একাংশ বেংক শাখাৰ লগতে আন আন বেংকতো অনলাইনত খুলিছিল এনে বহু একাউণ্ট । মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাঁচটা অপৰাধী ক্ৰমে ক্ৰমে লাহৰীঘাট থানা এলেকাৰ ভূঞাবাৰী পামৰ ছাহিমুল ইছলাম (২৪), ভূঞাবাৰী পথাৰৰ ইনজামুল ইছলাম (২৪), তিনিচুকীয়া মহমাৰাৰ জিয়াউৰ ৰহমান (২২), বৰবড়ীৰ ৰিয়াবুৰ ইছলাম (১৯) আৰু চুহেল আহমেদ ।

এই পাঁচোটা অপৰাধীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অসংখ্য পেন কাৰ্ড, আধাৰ কাৰ্ড, এ টি এম, চিম কাৰ্ড, লেপটপ, ১৫টা মবাইল ছেট, দুটা SWIP মেচিন, ডেৰ লাখ টকাৰ লগতে এক্সিচ বেংক, কোটাক বেংক, বন্ধন বেংক, ইউ বি আই আদিৰ অসংখ্য চেক, একাউণ্ট নম্বৰ ইত্যাদি । মৈৰাবাৰী আৰক্ষীয়ে পাঁচ অপৰাধীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 120( B)/419/420/468/471/409/ 34 ধাৰাত 444/20 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি আটাইকেইটাকে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে আৰু অধিক অপৰাধীক কৰায়ত্ব কৰিবৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য । আমাৰ হাতত পৰা তথ্য মতে পাঁচ অপৰাধী আৰক্ষীৰ জালত পৰা মাত্ৰকে সন্দেহজনক বহুকেইজন লোকে ঘৰ এৰি পলায়ন কৰিছে । এই পাঁচ অপৰাধীৰ ওপৰিও বহু সংখ্যক লোকে এই বেপাৰ চলাই তলাবন্ধৰ সময়চোৱাত কোটি টকাৰ মালিক হবলৈ সক্ষম হৈছে ।

আৰক্ষীৰ তদন্ত সঠিক বাটে চলিলে কেৱল লাহৰীঘাটতে নহয় মৈৰাবাৰী আৰু ভূৰাগাঁও থানাৰ অন্তৰ্গত বহু স্হানতে যে বহু সংখ্যক এনে অপৰাধী জালত পৰিব সেয়া নিশ্চিত । মাজ বাটতে তদন্তৰ গতি মন্হৰ নহ’লে মৰিগাঁও আৰক্ষীয়ে এই চক্ৰটোক পুলিয়ে পোখাই উৎখাত কৰিবলৈ যে সক্ষম হ’ব সেয়া নিশ্চিত । অৱশ্যে তদন্তই কেনে ৰূপ লয় সেয়া সময়ে ক’ব।

Exit mobile version