অসম এতিয়া আজমল, কংগ্ৰেছে অসমক আজমলময় কৰিছেঃ হিমন্ত বিশ্ব শৰ্মা

bad

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মহাজোঁটবন্ধনৰ পিছতে ড° হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈৰ মাজত বাক-বিতণ্ডা অব্যাহত আছে  ৷ আজি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে নাৰ্চক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ সময়তে মন্ত্ৰী শৰ্মাক কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সন্দৰ্ভত প্ৰশ্ন কৰোতে কয় যে শংকৰদেৱৰ তিথি দিনাও আজমলৰ সন্দৰ্ভত আলোচনা কৰাটোৱে চিন্তাৰ বিষয় ৷

মিত্ৰতা নহওঁতেই সকলো আজমলময় কৰি পেলাইছে কংগ্ৰেছে ৷ কংগ্ৰেছে আমাৰ শৰীৰত আজমলক সুমুৱাই দিছে ৷ সম্প্ৰতি সমগ্ৰ অসমখনেই আজমলময় হৈ পৰিছে ৷ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় “মই ভয় খাইছো সেই বাবে আজমল বৰঘৰত নোসোমাবলৈ কাম আৰম্ভ কৰি দিছো ।”

Exit mobile version