এইবাৰ ৰামায়ণৰ ‘আদিপুৰুষ’ হ’ব বাহুবলী

First Look poster of Prabhas as Lord Ram Adipurush

দক্ষিণ ভাৰতীয় ছবিৰ সীমা অতিক্ৰম কৰি সেইখন ছবিৰ বাবেই তেওঁ এতিয়া সমগ্ৰ দেশৰ বাবেই ‘বাহুবলী’ অভিনেতা প্রভাস । সেই বাহুবলীয়ে এতিয়া হ’বগৈ ‘আদিপুৰুষ’ । ৰামায়ণৰ প্ৰেক্ষাপটতে শীৰ্ঘ্ৰে নিৰ্মাণ হ’ব লগা মেগা বাজেটৰ ছবি ‘আদিপুৰুষ’। এই ছবিখনৰে মুখ্য চৰিত্ৰত অভিনয় কৰিব দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসে । ছবিখন পৰিচালনা কৰিব ‘তানাজী: দ্য আনছাং বেৰিয়ৰ’ৰ পৰিচালক ওম ৰাউটে ।

ADVERTISEMENT

ইতিমধ্যে ‘আদিপুৰুষ’ৰ প’ষ্টাৰ সামাজিক মাধ্যমত আপলোড কৰে স্বয়ং প্ৰভাসে । প’ষ্টাৰত নীলা ৰঙৰ প্ৰেক্ষাপটত ডাঙৰকৈ লিখা আছে সোণালী ৰঙৰ ইংৰাজী ‘এ’ বৰ্ণ । তাৰ মাজতে লিখা আছে ‘আদিপুৰুষ’ ৰূপে প্রভাসৰ নাম । তলত কেপচনত লিখা হৈছে, ‘অশুভক হৰুৱাই শুভ শক্তিৰ বিজয়োৎসৱ’। সমগ্ৰ প’ষ্টাৰ খনত আছে ৰামায়ণৰ বিভিন্ন মুহূৰ্ত । ছবিখনৰ প্ৰযোজক ভূষণ কুমাৰ । এই ছবিখন তেলেগু আৰু হিন্দী ভাষাত নিৰ্মাণ কৰাৰ উপৰি তামিল, মালায়ালম, কন্নড় আৰু একাংশ বিদেশী ভাষাতো ডাবিং কৰাৰ কথা জনাইছে প্ৰযোজকে ।

Exit mobile version