কংগনাৰ তীক্ষ্ণ বাণৰ পৰা সাৰি নগ’ল দীপিকা

WhatsApp Image 2020 08 20 at 6.14.38 PM

ডিপ্ৰেশ্যনৰ ধাণ্ডা কৰে দীপিকা পাডুকনে ৷ কিন্তু এই অভিযোগ আমাৰ নহয় । এই অভিযোগ বলীউডৰ কুইন কংগনা ৰানাউটৰ । সুশান্ত সিং ৰাজপুতক লৈ বুধবাৰে উচ্চতম ন্যায়ালয়ে চিবিআইক তদন্তৰ দায়িত্ব দিয়াৰ লগে লগে সম্প্ৰতি বলীউডৰ লগতে সৰু পৰ্দাৰ লগত জৰিত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ইয়াৰ পিছতে কংগনা ৰানাউটে দীপিকা পাডুকনক ডিপ্ৰেছনৰ ধাণ্ডা কৰা বুলি কোৱাৰ লগতে ৰিয়া চক্ৰৱৰ্তীক দামী অধিবক্তা লোৱা বুলি কটাক্ষ কৰে।

কংগনাৰ কটাক্ষৰ পৰা সাৰি নগ’ল আমিৰ খান,অনুস্কা শৰ্মা আৰু আদিত্য চোপ্ৰা ৷ কংগনাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অহাৰ পিছতেই দিপিকাৰ নাম নোলোৱাকৈয়ে কয়, “ডিপ্ৰেশ্যনৰ ধাণ্ডা কৰা লোকসকলক জনতাই তেওঁলোকৰ প্ৰকৃত ঠাই দেখুৱাই দিলে ৷”

এক ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত কংগনাই কয় “দীপিকা পাডুকনে সুদীৰ্ঘ ৮ বছৰৰ পিছত ২০১৫-১৬ ত কয় যে ২০০৮ ত মোক প্ৰতাৰণা কৰা হৈছিল ৷ মোৰ ডিপ্ৰেশ্যন হৈছে৷ ইয়াৰ মাজতে আকৌ তেওঁৰ প্ৰেমতো পৰে ৷ কামবোৰো ভালকৈ কৰি থাকে ৷ সাজি কাচি বাহিৰলৈও যায় ৷ সকলো হয় ৷ বিয়াও হয় ৷ কিন্তু লগত ডিপ্ৰেশ্যন থাকে ৷”

গতিকে কংগনা দিপীকাক প্ৰশ্ন কৰে “এইয়া কেনেধৰণৰ ডিপ্ৰেশ্যন ৷ যি আঠ বছৰৰ পিছতহে হয় ৷ কাৰণ মই জানো যে যিসমূহ ব্যক্তি হতাশাত ভূগে তেওঁলোক অস্থিৰ হৈ পৰে । গতিকে আঠ বছৰৰ পিছতো ডিপ্ৰেশ্যন ব্যৱসায় কৰি বহি আছে ।” লগতে কংগনাই সুশান্ত সিং ৰাজপুতৰ প্ৰশংগ উত্থাপন কৰি কয় ” সুশান্ত ডিপ্ৰেশ্যনত আছিল  ৷ সেয়ে তেওঁ নিজক শেষ কৰি দিলে ৷

ইপিনে কংগনাই আমিৰ খান, অনুস্কা শৰ্মা, ৰাজু হিৰানী, আদিত্য চোপ্ৰা, ৰানী মুখাৰ্জী সকলোকে সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইক দিয়াৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া নকৰাৰ কাৰণে মন্তব্য কৰে । ৰিয়া চক্ৰৱৰ্তীয়ে দামী অধিবক্তা লোৱাৰ প্ৰসংগত কংগনাই কয় “যদি তুমি একো কৰাই নাই তেন্তে ইমান দামী উকিল অনাৰ প্ৰয়োজন কি? লগতে ৰিয়াক কোনোৱে সহায় কৰা বুলিও অভিযোগ কৰে কংগনাই ।

Exit mobile version