কৰ’নাতকৈ আৰ্থিকভাৱে দুৰ্বল ব্যক্তিৰ মৃত্যু হ’ব দেশতঃ বিল গেট্চ

Coronavirus 1

কৰ’না ভাইৰাছ শেষ হোৱালৈ দেশত লাখ লাখ লোকৰ মৃত্যু হ’ব ৷ কিন্তু এই মৃত্যু কেৱল কৰ’না ভাইৰাছৰ কাৰণে নহয়, বিশ্বত চিকিৎসা আৰু আৰ্থিক সমস্যাৰ কাৰণেহে লাখৰো অধিক লোক মৃত্যু হ’ব ৷ এই মন্তব্য কৰিছে মাইক্ৰ’চফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে ৷ বিল গেটছে লগতে কয়, “দৰিদ্ৰ দেশসমূহত হোৱা কৰ’নাৰ কাৰণে হোৱা লোকচানৰ পৰিসংখ্যা উলিওৱাটো কঠিন হৈ পৰিছে ৷”

ইপিনে ভেকচিন ২০২১ৰ শেষতহে বজাৰলৈ আহিব বুলি সদৰী কৰে বিল গেটছে ৷ অৱশ্যে ভেকচিন ওলোৱা সময়লৈ কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাব পাৰে বুলি কয় বিল গেটছে । বিল গেটছৰ মন্তব্য ৯০ শতাংশ লোকৰ মৃত্যু কৰ’নাৰ কাৰণে নহয় অন্যান্য বেমাৰতহে হ’ব ৷ আনহাতে বিট গেটছে কৰ’না ভাইৰাছৰ কাৰণে ৩৫০ মিলিয়ন ডলাৰ প্ৰদান কৰিছে যদিও এইয়াই যথেষ্ট নহয় ৷ কাৰণ কৰ’নাৰ কাৰণে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হ’ব ৷

উল্লেখযোগ্য যে ১৭ আগষ্টলৈকে আফ্ৰিকাত ২৫০০০ অধিক লোকৰ মৃত্যু হৈছে ৷ ভাৰতত কৰ’নাত প্ৰায় ৫২,০০০ লোকৰ মৃত্যু হৈছে ৷ গতিকে বিশ্বৰ একাংশ জাতি জনগোষ্ঠীক মহামাৰীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ভেকচিনৰ আৱশ্যকতা আছে ৷

Exit mobile version