চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱা চিৰাঙৰ নাথুৰবাৰী গাঁৱৰ ৰাইজে নিৰ্মাণ কৰা এখন বাঁহৰ দলং

IMG 20200820 WA0008

চিৰাং জিলাৰ চৰকাৰী উন্নয়নৰ পৰা বঞ্চিত নাথুৰবাৰী গাঁও । গাঁওখনৰ আধাতকৈ অধিক অংশ আই নদীৰ গৰাখহনীয়াত বিলীন হৈছে ইতিমধ্যে । গাঁওখনৰ যিখিনি আছে সেয়াও সৰ্বদিশতে অৱহেলিত । চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনীয়ে ঢুকি নোপোৱা নাথুৰবাৰী গা‍ঁও । নাথুৰবাৰী গাঁৱৰ মাজেৰে যোৱা পথচোৱা আই নদীৰ বানপানীত খহাই নিয়াৰ ফলত তাত ৰাইজে প্ৰতি বছৰে দুই তিনিবাৰকৈ গাঁঠীৰ ধন খৰচ কৰি বাহৰ দলং নিৰ্মাণ কৰি যাতায়াত কৰিব লগীয়া হৈছে ।

সুবাইঝাৰ ভিচিডিচিৰ অন্তৰ্গত এইখন গাঁৱৰ কোনো উন্নয়ন নোহোৱা পৰিলক্ষিত হৈছে । হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ প্ৰকৃত উন্নয়নৰ বাস্তৱ ছবি নাথুৰবাৰী গাঁও । এইখন গাঁৱৰ বাট-পথ দলং আদিৰ লগতে গাঁওখনত নাই কোনো শিক্ষানুষ্ঠান, খোৱা পানী যোগান আদিৰ ব‍্যৱস্থা । এনেকৈ আই নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবেও চৰকাৰে কৰা নাই কোনো ব‍্যৱস্থাৰ ।

গাঁওবাসীয়ে চৰকাৰৰ প্ৰতিনিধি, জনপ্ৰতিনিধিৰ ওচৰত গৈ গৈ ভাগৰি পৰিছে । বড়ো আৰু সংখ্যালঘু লোকৰ কৃষিজীৱি দৰিদ্ৰ লোকৰ বসতি এইখন গাঁওত । গাঁওবাসীয়ে জনায় যে প্ৰতি বছৰেই নিৰ্বাচনৰ আগে আগে বিভিন্ন দল সংগঠনৰ নেতা-পালিনেতা আহে আৰু বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন পাৰ হোৱাৰ লগে লগে সকলো পাহৰি যায় ৷ গতিকে সম্প্ৰতি গাঁওবাসীয়ে গৰাখহনীয়া ৰোধ  কৰাৰ লগতে যাতায়তৰ ব্যৱস্থা ল’বলৈ আহ্বান  জনাইছে চৰকাৰক।

Exit mobile version