বিদ্যালয়ৰ আধাৰশিলা-লাই খুঁটা স্থাপন পশ্চিম কাৰ্বি আংলঙত

WhatsApp Image 2020 08 20 at 7.21.12 PM

কালৰূপী কৰ’নাৰ ভয়াবহতাৰ মাজতেই আজি পশ্চিম কাৰ্বি আংলঙৰ লাংমেপী-ৰংকিমিত বিদ্যালয়ৰ আধাৰশিলা আৰু লাই খুঁটা স্থাপন কৰে ২০ নম্বৰ বৈঠালাংছ’ৰ বিধায়ক ডঃ মানছিং ৰংপিয়ে। লাংমেপী-ৰংকিমি, পিডং, আৰনাম টেপলং আদি অঞ্চলৰ ছাত্র ছাত্ৰী তথা অঞ্চলবাসীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক পুঁজিৰ ধনেৰে লাংমেপী-ৰংকিমি মাধ্যমিক বিদ্যালয়ৰ চৌহদত আজি আনুষ্ঠানিকভাৱে বিদ্যালয় গৃহৰ আধাৰশিলা আৰু লাই খুঁটা স্থাপন কৰে বিধায়কগৰাকীয়ে ।

ইতিমধ্যে নিৰ্মাণ কাৰ্যৰ বাবদ বিধায়ক পুঁজিৰ ১০ লাখ টকা আৱণ্টিত কৰা হৈছে । আধাৰশিলা স্থাপন অনুষ্ঠানত বিভাগীয় বিষয়া, বিদ্যালয় পৰিচালনাৰ সমিতিৰ বিষয়ববীয়া, গৃহ নিৰ্মাণ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । উল্লেখ্য যে কাৰ্যসূচীৰ মাজতেই সাংবাদিকে কৰা প্ৰশ্নত বিধায়ক ডঃ ৰংপিয়ে কয় যে দেশ তথা ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো কৰ’না মহামাৰীয়ে বিৰূপ প্ৰভাৱ পেলাইছে ।

কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত জিলাখনত উন্নয়নৰ কাম-কাজ লেহেম হৈ পৰাৰ লগতে বহু উন্নয়নৰ কাম-কাজ আদি স্থগিত হৈ ৰৈছে বুলি মন্তব্য কৰে। সমান্তৰালকৈ দেশৰ অৰ্থনৈতিক দিশতো ই সাংঘাতিকভাৱে প্ৰভাৱিত কৰাৰ বিপৰীতে আৰ্থিকভাৱে দেশৰ জনতাক দুৰ্বল কৰি পেলাইছে বুলি উল্লেখ কৰে বিধায়ক ডঃ মানছিং ৰংপিয়ে।

Exit mobile version