বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন মহোৎসৱ অনুষ্টুপীয়াকৈ পালন

Mahapurukh Srimanta Sankardev.2

“কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত”, “আৰ নেদেখিবো ৰে ৷ জীৱেৰ জীৱন বনমালী” আদি কীৰ্তন ঘোষাত বৰ্ণিত কে’বাটিও ঘোষা আৰু যুগল প্ৰসংগৰে আজি মুখৰিত হৈ পৰে তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰ ৷ সমগ্ৰ বিশ্বজুৰি চলি থকা কৰ’না ভাইৰাছ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বান্ধি দিয়া সকলো নীতি নিৰ্দেশনা পালন কৰি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন মহোৎসৱ অনুষ্টুপীয়াকৈ পালন কৰা হৈছে ৷ অনাড়ম্বৰ ভাৱে সত্ৰৰ নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগসমূহ বংশৰাসকলৰ সীমিত সংখ্যক ভকতৰ দ্বাৰাহে সমাপন কৰা হৈছে ৷

শংকৰদেৱৰ কীৰ্তন মহোৎসৱ বৰপেটা সত্ৰত ৭ দিনীয়াকৈ পালন কৰা হয় ৷ সাতদিন আগতে কীৰ্তন থাপনা কৰাৰ পাছত আজি কীৰ্তনৰ মূল সবাহ অনুষ্ঠিত হয় ৷ কীৰ্তন থাপনা কৰাৰ দিনাৰ পৰাই প্ৰতিদিনে তাল ভংগ নোহোৱাকৈ ৰখা হয় ৷ আজি পুৱাৰ গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত অনুষ্ঠিত হয় নিত্য প্ৰসংগ ৷ পূৰ্বৰ সহস্ৰাধিক ভকতৰ তুলনাত এইবাৰ সীমিত সংখ্যক ভকতৰ উপস্থিতিৰে অনুষ্ঠিত হোৱা নিত্য প্ৰসংগৰ হৰি নাম ধ্বনিয়ে বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰ মুখৰিত কৰি তোলে ৷

পুৱাৰ নিত্য প্ৰসংগ শেষ হোৱাৰ পিছত সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱ শৰ্মাই ভাগৱতী সমাজৰ হকে ভাগৱত আৰু গৌতম পাঠকে পাঠ পঢ়া শেষ হোৱাৰ লগে লগে গায়ন বায়নে গুৰুঘাট বজায় ৷ বিয়লি ঘোষা কীৰ্তনীয়াই ঘোষা-কীৰ্তন আৰু ব্যাহ কীৰ্তনীয়াই ব্যাহ কীৰ্তন কৰে ৷ বিয়লি বৰপেটাৰ থুল উত্তৰহাটীৰ অন্তৰ্গত বৃন্দাবনহাটীৰ ভকতসকলে শংকৰদেৱৰ কীৰ্তন মহোৎসৱ উপলক্ষে সীমিত সংখ্যক ভকতৰ দ্বাৰা কেৱল পৰম্পৰা ৰক্ষা কৰি তিনিখন ভাৰ লৈ অনা সামগ্ৰীৰে প্ৰতীকী ৰূপত সত্ৰত কৰভাৰ প্ৰদান কৰে ৷

গায়ন বায়নে সেৱা কীৰ্তন কৰি বৰ ধেমালি বজাই “সীতা সয়ম্বৰ” অংকীয়া ভাওনাখন পাঠ কৰে ৷ উল্লেখ্য যে, এইবাৰ কীৰ্তনৰ মূল সবাহৰ দিনা পুৱা প্ৰসাদ বিতৰণ, সত্ৰত ভাগ থকা সকলক বোলানৰ তামোল-পাণ, থৰেৰ প্ৰসাদ আৰু কৰভাৰত অনা চাউল, ঔ, কোমোৰা, নিমখ, মিঠাতেল আদি বিতৰণ কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকাতে বাতিল কৰিছে  ৷

Exit mobile version