বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আজি কৰ্মচাৰী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৱ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰী সকলে আজি দিনৰ এক বজাৰ পৰা দুই বজালৈ উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । এ এ আই জইণ্ট ফ’ৰাম অৱ ইউনিয়নছ এণ্ড এছচিয়েচনৰ আহ্বান মৰ্মে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণ আৰু বৰঝাৰস্থিত বিমান বন্দৰত কৰ্মৰত কৰ্মচাৰী সকলে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
প্ৰতিবাদকাৰী সকলে ‘কেন্দ্রীয় চৰকাৰ হায় হায়’, ‘বিমান বন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক’, ‘ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ স্বকীয়তা অটুট ৰাখক’ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে ।
উল্লেখ্য যে, দেশৰ কেন্দ্রীয় চৰকাৰে গুৱাহাটীকে ধৰি দেশৰ তিনিটা বিমানবন্দৰ পৰিচালনাৰ দায়িত্ব পি পি ইৰ আৰ্হিত আদানী গ্রুপক অৰ্পণ কৰে । উল্লেখ্য যে বিমান বন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তক পূৰ্বৰে পৰা ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে তীব্ৰ বিৰোধীতা কৰি আহিছে।