সুশান্ত সিং ৰাজপুতৰ মৃত্যুত আণ্ডাৰৱৰ্লডৰ সম্পৰ্ক আছেঃএন কে সুড

sushantsingh rajput was designing a game and printer of his own reveals a producer friend

সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত প্ৰতি দিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে ৷ উচ্চতম ন্যায়ালয়ে সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইক হস্তান্তৰ কৰিলে যদিও প্ৰতিদিনে নতুন মোৰ ওলাইছে অভিনেতাজনৰ আত্মহত্যা সন্দৰ্ভত। RAW ৰ প্ৰাক্তন এজেণ্ট এন কে সুডে পুনৰবাৰ চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰে । কাৰণ এন কে সুডে পূৰ্বতেও সুশান্তৰ আত্মহত্যাৰ লগত আণ্ডাৰৱৰ্লডৰ সম্পৰ্কৰ কথা উত্থাপন কৰি আহিছে ।

তেওঁ দাবী কৰে ” সুশান্তৰ মৃত্যুত আণ্ডাৰৱৰ্লডৰ ভূমিকা আছে ৷ কাৰণ আণ্ডাৰৱৰ্লডে বহু সাৱধানে তেওঁলোকৰ কামবোৰ কৰে ৷ টকাৰ লেন দেন বা ট্ৰান্সফাৰ আৰক্ষীক বিভ্ৰান্তি কৰিবলৈ কৰিছে, যাতে অন্যান্য বিষয়ক লৈ সন্দেহ নহওক । লগতে এন কে সুডে কয় যে সুশান্তৰ ঘৰত কাম কৰা লোকসকলক টকাৰ লোভ দেখুৱাইও অভিনেতাজনক হত্যা কৰোৱাব পাৰে আণ্ডাৰৱৰ্লডে । গতিকে সুশান্তৰ মৃত্যুৰ লগত আণ্ডাৰৱৰ্লডৰ সম্পৰ্ক আছে বুলি দাবী কৰে এন কে সুডে ৷ লগতে তেওঁ কয় যে মুম্বাইত এই গেংষ্টাৰসকলক মানুহে ভয় কৰে ৷ ইপিনে এন কে সুডৰ এই ভাষ্যৰ পিছতে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

উল্লেখযোগ্য যে ১৪ জুনত মুম্বাইৰ স্থিত বাসগৃহত আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুতে ৷ ইতিমধ্যে সুশান্তৰ আত্মহত্যাৰ তদন্ত চি বি আইক কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ ইতিমধ্যে সুশান্তৰ পিতৃ কে কে সিঙৰ অভিযোগ অনুসৰি ই ডিৰ লগতে মুম্বাইৰ আৰক্ষীয়ে অভিনেতাজনৰ আত্মহত্যাৰ তদন্ত কৰিছে ৷ এই তদন্তৰ আওতাত সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ পৰিয়ালক ধনৰ লেনদেন সন্দৰ্ভত জেৰা কৰিছে ইডিয়ে।আনহাতে মুম্বাইৰ আৰক্ষীয়ে বিৰোধিতা কৰিছিল চিবিআইৰ তদন্ত ৷কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে বিহাৰ আৰক্ষীয়ে ৷

Exit mobile version