ক’ভিড-১৯ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনাৱলী

West Bengal ByPolls 5ddf8ba210aec

■ ঘৰে ঘৰে কেৱল পাঁচজন লোকেহে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব পাৰিব।
■মাস্ক আৰু হেণ্ড গ্ল’ভছ প্ৰত্যেকজন ভোটাৰে পৰিধান কৰাটো বাধ্যতামূলক।
■ এটা ভোটকেন্দ্ৰত অত্যাধিক ১০০০ জন ভোটাৰ উপস্থিত থাকিব পাৰিব।
■ ভোটদান কৰাৰ আগমুহূৰ্তত প্ৰত্যেকজন ভোটাৰৰ শৰীৰৰ তাপমাত্ৰা জোখা হ’ব ।
■ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল আৰু মাছুল জমা অনলাইন প্ৰক্ৰিয়াৰ দ্বাৰা সম্পন্ন কৰা হ’ব ।
■ নিৰ্বাচন সম্পৰ্কীয় ৰাজহুৱা সভাসমূহ ক’ভিড-১৯ ৰ সকলো নীতি নিয়ম পালন কৰিহে অনুষ্ঠিত কৰিব পাৰিব।
■ নিৰ্বাচন প্ৰক্ৰিয়াত ভোটদান কেন্দ্ৰৰ বিষয়াসকলে অন্যান্য সাৱধানতা যেনে মাস্ক পিন্ধা, চেনিটাইজ কৰা, থাৰ্মেল স্কেনাৰ ব্যৱহাৰ আৰু পিপিই কিট পৰিধান ইত্যাদি অৱলম্বন কৰিব লাগিব।

Exit mobile version