চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

prez 1

■ বৰ্তমান কৰ’নাত আক্রান্ত হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও উন্নতি হোৱা নাই বুলি সদৰী কৰে দিল্লী আৰ্মী চিকিৎসালয়ৰ কৰ্তৃপক্ষই । উল্লেখ্য যে, ১০ আগষ্টত মস্তিষ্কৰ জটিল অস্ত্ৰোপচাৰৰ বাবে তেখেতক দিল্লীৰ আৰ্মী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

■ কৰ’নাই বিধ্বস্ত কৰি পেলোৱা বিশ্বৰ আৰ্থিনীতিত দৰিদ্ৰতাৰ প্ৰভাৱ কি হ’ব পাৰে আপুনি অনুমান কৰিব পাৰিছেনে? কৰ’নাৰ এনে ত্ৰাসৰ বাবে বিশ্বৰ ১০ কোটি লোক দৰিদ্ৰতাৰ সতে মোকাবিলা কৰাৰ পৰিস্থিতিৰ সন্মুখীন হ’ব । ক’ভিড১৯ ৰ প্ৰভাৱত ৬ কোটি লোক দৰিদ্ৰতাৰ সতে যুজঁ দিব লাগিব বুলি পূৰ্বে অনুমান কৰা হৈছিল যদিও দিনে বৃদ্ধি পাই অহা কৰ’নাৰ সংক্ৰমণৰ অনুমান অনুসৰি প্ৰায় ৭ ৰ ১০ কোটি লোক দৰিদ্ৰতাৰ সন্মুখীন হ’ব । এনেদৰে সদৰী কৰে বিশ্ব বেংকৰ অধ্যক্ষ ডেভিড মালপাছে।

■ অসমত এক লাখৰ দিশে অগ্ৰসৰ কৰ’নাৰ সংক্ৰমণ। তলাবন্ধ শিথিল কৰিলেও অসমত কৰ’না সংক্ৰমণ হ্ৰাস হোৱা নাই । বৰ্তমান ৰাজ্যত মুঠ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৬,০৫২ জন। ইয়াৰে ভিতৰত সুস্থ হৈ উঠিছে ৬৩,১২০ জন আৰু মৃত্যু হৈছে ২২১ জনৰ ।

■ দেশত সৰ্বাধিক কৰ’নাত আক্ৰান্তৰ সংখ্যাৰ ৰাজ্যৰ তালিকাত সৰ্বোচ্চ স্থানত আছে মহাৰাষ্ট্ৰ । ৰাজ্যখনত এদিনত সৰ্বাধিক ১৪,৪৯২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

■ উত্তৰাখণ্ডৰ বিধানসভাৰ নিৰ্বাচনত ৭০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব আপে। উল্লেখ্য যে, আম আদমী পাৰ্টীয়ে দিল্লীৰ দৰে উত্তৰাখণ্ডতো শিক্ষা আৰু স্বাস্থ্যৰ দৰে মূল বিষয়ক গুৰুত্ব দি বিধানসভাৰ নিৰ্বাচনত দলৰ সপক্ষে প্ৰচাৰ চলাব । ইপিনে, দিল্লীৰ পিছত পঞ্জাৱ আৰু গোৱাত নিৰ্বাচনত অংশ লোৱা আপে চতুৰ্থখন ৰাজ্য হিচাপে উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত দলীয় প্রাৰ্থী প্ৰক্ষেপ কৰিব।

Exit mobile version