দেশত মহামাৰীৰ দিশে কৰ্কট ৰোগ

2Pune ICMR approves Golwilka

কৰ’না মহামাৰীয়ে দেশক বিপৰ্যস্ত কৰি তোলাৰ সময়তে প্ৰকাশ পালে আন এক উদ্বেগজনক তথ্য । আই চি এম আৰে প্ৰকাশ কৰিছে যে, আগন্তুক পাঁচ বছৰত ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা ১২ শতাংশলৈ বৃদ্ধি পাব । দেশত বৰ্তমান কৰ্কট ৰোগীৰ সংখ্যাই ১০.৩৯ লাখক স্পৰ্শ কৰিছে। আই চি এম আৰৰ তথ্য অনুসৰি কৰ্কট ৰোগত আক্ৰান্ত সকলৰ ভিতৰত প্ৰথম স্থানতে থাকিব ধপাত সেৱনকাৰীসকল ।

ADVERTISEMENT

সম্প্ৰতি কৰ্কট ৰোগত আক্ৰান্তসকলৰ ভিতৰত ধপাত সেৱনকাৰী মুঠ কৰ্কট ৰোগীৰ সংখ্যা ২৭.১ শতাংশ। এই ক্ষেত্ৰত প্ৰথম স্থানতে আছে দেশৰ উত্তৰ পূৱ অঞ্চল। আনহাতে, পাকস্হলী আৰু স্তন কৰ্কট ৰোগী সকলে ইয়াৰ পাছতে আন দুটা স্থান দখল কৰিছে। পুৰুষৰ ক্ষেত্ৰত হাওঁফাওঁ, মুখ, পাকস্হলী তথা মূত্ৰাশয়ত আৰু মহিলাৰ ক্ষেত্রত স্তন তথা জৰায়ুত অধিক কৰ্কট ৰোগ হোৱাৰ তথ্যও পোহৰলৈ আহিছে।

এই সন্দৰ্ভত দিল্লীস্হ এইমছৰ ৰেডিয়েছন অনক’লজি বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ পি কে জুলকাই জনোৱা মতে, কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুনকৈ বহু নতুন নতুন ব্যৱস্থাৰ সংযোজন কৰা হৈছে । প্ৰাৰম্ভিক অৱস্থাতে ৰোগ ধৰা পৰা লোকসকলৰ স্বাস্থ্যৰ যথেষ্ট উন্নতিও হৈছে।

বৰ্তমান দেশত কৰ্কট ৰোগৰ অত্যাধুনিক পৰীক্ষা ব্যৱস্থাৰো সংযোজন হৈছে । চতুৰ্থ পৰ্যায় অতিক্ৰম কৰিবলৈ লোৱা হাওঁফাওঁৰ কৰ্কট ৰোগীয়েও এতিয়া পাঁচ বছৰতকৈ অধিক কালৰ জীৱন লাভ কৰিছে। কিন্তু এনেবিলাক উন্নয়নৰ সত্বেও যে অহা পাঁচ বছৰৰ ভিতৰত কৰ্কট ৰোগে ক্ৰমে মহামাৰীৰ ৰূপ ল’বগৈ সেই কথা আই চি এম আৰৰ প্ৰতিবেদনত নিশ্চিত হৈ পৰিছে।

Exit mobile version