পৰিচালক মহেশ ভাটৰ সৈতে সঘনাই হোৱাটছএপত মেছেজ আদান-প্ৰদান হৈছিল ৰিয়া চক্ৰৱৰ্তীৰ

2D0C720F 1EEC 4A8F 88FE 951B7A35AE23

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত চিবিআইয়ে তদন্ত আৰম্ভ কৰিছে । খবৰ অনুসৰি আঠ জুনত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তৰ ঘৰ ত্যাগ কৰিছিল আৰু তাৰ পাছৰে পৰা বলিউডৰ জনপ্ৰিয় পৰিচালক মহেশ ভাটৰ স’তে হোৱাটছএপ যোগে মেছেজৰ আদান প্ৰদান কৰিছিল । ইতিমধ্যে এই মেছেজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ন জুনৰ পৰা চৈধ্য জুনলৈ এই মেছেজৰ আদান-প্ৰদান চলিছিল। ৰিয়া চক্ৰৱৰ্তীয়ে মহেশ ভাটলৈ লিখা এটা মেছেজত দেখা গৈছে, ‘আপোনাৰ অবিহনে মই কি কৰিম । আই লাভ ইউ ছাৰ । আপুনি মোক পুনৰ বচালে ।’

১০ জুনত মহেশ ভাটে ৰিয়ালৈ কেইখন মান ফটো পঠাই আৰু ১১ জুন তাৰিখে তেওঁ ৰিয়ালৈ লিখে কেতিয়াবা কেতিয়াবা কিছুমান বস্তু বাস্তৱত থকাৰ দৰে চাবলৈ লাগে । এখোজ উভতি যাব লাগে আৰু দ্বিতীয় খোজটো আৰু অলপ ।’ ৰিয়াই পুনৰ উত্তৰ দিয়ে, ‘একদম সত্য । এতিয়াও মোৰ লক্ষ্য পুনৰ উভতাই পোৱাটো ।’  ১৪ জুনত ৰিয়াই পুনৰ মহেশ ভাটলৈ লিখে, ‘সুপ্ৰভাত ছাৰ ! আপুনি ৰাতিপুৱা পঠোৱা মেছেজে দিনটোলৈ মোলৈ সজীৱতা আনে । ‘That’s love it’.  ভাটে পুনৰ লিখে, ‘বতাহজাক আকাশলৈ মেঘৰ দৰেই আহিছে । মনেৰে এবাৰ অনুভৱ কৰা ।’

এইদৰেই দুয়োৰে মাজত চলিছিল হোৱাটছএপ যোগে বাৰ্তালাপ । মহেশ ভাটে ৰিয়াক তেওঁলৈ ফোন কৰিব কৈছিল আৰু ৰিয়াৰ ফোনত মহেশ ভাটৰ ‘missed call’ আছিল । আনহাতে, ১৫ জুনত সুশান্তৰ মৃত্যুৰ পাছত মহেশ ভাটে পুনৰ হোৱাটআপ যোগে ৰিয়ালৈ মেছেজ পঠিয়াইছিল । ইপিনে ৰিয়া চক্ৰৱৰ্তীয়ে অভিযোগ কৰিছিল যে সুশান্তে ৰিয়া চক্ৰৱৰ্তীক ঘৰ এৰি যাবলৈ বাধ্য কৰাইছিল কিন্তু অভিযোগ নস্যাৎ কৰে সুশান্তৰ উকীল বিকাশ সিঙে ।

তেওঁৰ মতে ৰিয়াই সুশান্তৰ স’তে প্ৰেমৰ সম্পৰ্ক ত্যাগ কৰি স্ব-ইচ্ছাই সুশান্তৰ ঘৰ ত্যাগ কৰিছিল । সুশান্তৰ ঘৰ ত্যাগ কৰা দিনা ৰিয়াই মহেশ ভাটলৈ লিখিছিল, ‘এখন ভাৰাক্ৰান্ত হৃদয় আৰু কিছু সকাহ । আপুনি পুনৰ মোৰ পাখি কাটি দিলে । পুনৰ দ্বিতীয় বাৰ একেটা জীৱনত ভগৱানৰ দৰেই ।’

উল্লেখ্য যে ৰিয়া চক্ৰৱৰ্তী আৰু মহেশ ভাটৰ এই হোৱাটছএপ মেছেজ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । সামাজিক মাধ্যমত বিভিন্ন জনে বিভিন্ন মন্তব্য আগবঢ়াইছে এই বিষয়ত । এই বিশেষ ‘whatsap chat’তেই হয়তো লুকাই আছে সুশান্তৰ আত্মহত্যাৰ ঘটনাৰ গভীৰ ৰহস্য।

Exit mobile version