বাঘজানত দাও দাওকৈ জলি থকা তৈল খাদৰ জুইকুৰাৰ প্ৰচণ্ড শব্দ প্ৰদূষণে জনজীৱন স্তব্ধ কৰি তুলিছে

eastmojo 2020 07 69160ffc 7160 4931 8bc0 8d2d840f1254 IMG 20200714 WA0030

তিনিচুকীয়া জিলাৰ বাঘজানত অহৰহ জ্বলি থকা বি জি আৰ -৫ নং তৈলখাদৰ জুইকুৰাই গাঁওখনৰ জনজীৱন স্তব্ধ কৰি তুলিছে। তৈল খাদটোৰ জুইকুৰাৰ পৰা সৃষ্টি হোৱা ভূকম্পন আৰু প্ৰচণ্ড শব্দৰ প্ৰদূষণে আকাশ বতাহ স্তব্ধ কৰি তোলাৰ সময়তে এগৰাকী প্ৰসূতিয়ে ন মহীয়া মৃত নৱজাতকক প্ৰসৱ কৰা ঘটনাই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, মূৰবিষ আৰু উশাহৰ সমস্যাত ভূগি থকা বাঘজান গাঁৱৰ দিলীপ মাল্লাহৰ পত্নী সুমিত্ৰা মাল্লাহে যোৱা ১৭ আগষ্টত স্বামীগৃহৰ পৰা দুলীয়াজান অইল হস্পিতাললৈ গৈ থকা পথত এম্বুলেন্সতে সুমিত্ৰাই সাধাৰণভাৱে মৃত নৱজাতকক প্ৰসৱ কৰে ৷ সুমিত্ৰাই সদৰী কৰা মতে যোৱা ২৭ মে’ত বাঘজানৰ বি জি আৰ-৫ নং তৈল খাদটোত গেছ কূপ বিস্ফোৰণ ঘটা দিনাৰে পৰা মুৰ ঘূৰণীত ভোগিছিল ৷

তৈল খাদটোত ৯ জুনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ২১ দিনৰ দিনা দিলীপ মাল্লাহে ন মহীয়া অন্তঃসত্ত্বা পত্নী সুমিত্ৰা মাল্লাহক শদিয়াৰ সম্পৰ্কীয় লোকএজনৰ ঘৰত থৈ আহে ৷ দিলীপ মাল্লাহই সদৰী কৰা মতে প্ৰসৱৰ দিন চমু চাপি অহাত সুমিত্ৰাক শদিয়াৰ পৰা এখন মাৰুতি ভান গাড়ীত ১৭ দিন পূৰ্বে স্বগৃহলৈ অনা হৈছিল ৷ সেইমতে যোৱা ১৮ আগষ্টত সুমিত্ৰাই নমহীয়া নৱজাতকটিক প্ৰসৱ কৰোৱাৰ দিন আছিল ৷ কিন্তু ১৭ আগষ্ট সন্ধিয়া সুমিত্ৰাই প্ৰসৱৰ বিষ অনুভৱ কৰাত স্বামী দিলীপ মাল্লাহই ততাতৈয়াকৈ বাঘজান গাৱঁস্থিত অইলৰ ইপিএছ’ৰ এখন এম্বুলেন্সত সুমিত্ৰাক দুলীয়াজান অইল হস্পিতাললৈ লৈ গৈ থকা মাজবাটতে সুমিত্ৰাই সাধাৰণভাৱে মৃত নমহীয়া নৱজাতকটিক প্ৰসৱ কৰে ৷

আনহাতে, দুৰ্ভগীয়া সুমিত্ৰাই সদৰী কৰা মতে নমাহ গৰ্ভধাৰণৰ সময়চোৱাত বি জি আৰ-৫ নং তৈল খাদটোৰ পৰা সৃষ্টি হোৱা ভূকম্পন আৰু শব্দ প্ৰদূষণৰ ফলত প্ৰচণ্ড মূৰবিষ আৰু বুকু ঢপঢপনিত ভূগি আছিল সুমিত্ৰাই ৷ ইফালে দুটি কন্যা সন্তানৰ মাতৃ সুমিত্ৰাই মৃত নৱজাতকক প্ৰসৱ কৰা বিষয়টোৱে বাঘজান গাৱঁত বিৰূপ প্ৰভাৱ পেলাইছে ৷

যোৱা ২৭ মে’ৰ পৰা ক্ষতিগ্ৰস্ত লোকসকলে অস্বাস্থ্যকৰ পৰিৱেশত আশ্ৰয় শিবিৰত যন্ত্ৰণাকাতৰ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাৰ পিছতো অইল কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক বিশেষকৈ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিয়া বাবেই নমহীয়া অন্তঃসত্ত্বা সুমিত্ৰাই মৃত নৱজাতকক প্ৰসৱ কৰিবলগীয়া হ’ল বুলি কয় বাঘজান গাওঁ মিলনজ্যোতি যুৱ সংঘৰ সভাপতি সম্পাদক সত্যজিৎ মৰাণ আৰু তীক্ষ্ণজ্যোতি হাজৰিকাই ৷ সংঘৰ বিষয়ববীয়া সকলে আজি দুপৰীয়া বাঘজান-দীঘলটৰং ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ৰ আশ্ৰয় শিবিৰত সুমিত্ৰা মাল্লাহই মৃত নৱজাতকক প্ৰসৱ কৰা ঘটনাটোৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক এখন আয়োজন কৰে ৷ বৈঠকত সংঘৰ নেতৃত্বই সুমিত্ৰা মাল্লাহই মৃত নৱজাতকক জন্ম দিয়া ঘটনাটো তদন্ত কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক উচিত ক্ষতিপূৰণ প্ৰদান আৰু বাঘজান গাৱঁৰ অন্তঃসত্ত্বা প্ৰসূতি সকলক উন্নত চিকিৎসা ব্যৱস্থা প্ৰদানৰ দাবী উত্থাপন কৰি অইল আৰু প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লয় ৷

উল্লেখ্য যে বাঘজান গাৱঁত তৈল খাদৰ জুইকুৰাৰ পৰা সৃষ্টি হোৱা ভূকম্পন আৰু শব্দ প্ৰদূষণৰ মাজত ২২ গৰাকী গৰ্ভৱতী মহিলাই যন্ত্ৰণাকাতৰ জীৱন অতিবাহিত কৰিব লগা হৈছে ৷ একেসময়তে বাঘজান গাৱঁত গাই গৰুৱে মৃত পোৱালি প্ৰসৱ কৰা ঘটনা পোহৰলৈ আহিছে ৷

তৈল খাদটোৰ গেছ আৰু কণ্ডেনছেট অইল নিৰ্গত হৈ মাগুৰি-মটাপুং বিলত মাছ, কাছ, আপুৰুগীয়া শিহু মৃত্যুৰ মুখত পৰাৰ সময়তে গাই গৰুৱে মৃত পোৱালি প্ৰসৱ কৰা ঘটনাক বাঘজানবাসীয়ে সহজভাৱে ল’ব নোৱাৰা সময়তে সুমিত্ৰা মাল্লাহই নমহীয়া মৃত নৱজাতকক প্ৰসৱ কৰা ঘটনাটোৱে বাঘজান গাৱঁৰ গৰ্ভৱতী মহিলাসকলে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ অতি শীঘ্ৰেই বাঘজান গাৱঁৰ গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত অইল কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনে চিকিৎসাজনিত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে যৱ সংঘটোৰ নেতৃবৰ্গই ৷

Exit mobile version