কৰ’না কালত সংস্থাপন হেৰুৱালেও তিনিমাহৰ ৫০ শতাংশ দৰমহা পাব

1563912512 8593

কৰ’নাৰ পৰিস্থিতিত কেৱল সংক্ৰমণ আৰু মৃত্যুৰ ভয়াৱহতাই নহয়,কৰ্মহীনতাও এক ভয়ংকৰ অভিশাপ হৈ পৰিছে ৷বহুতৰ জীৱনলৈ ই অন্ধকাৰ নমাই আনিছে। বিগত কিছুমাহত দেশত প্ৰায় দুই কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে ৷প্ৰতিদিনেই বৃদ্ধি পাইছে নিবনুৱা সমস্যা ৷

এই পৰিস্থিতিত অৰ্থনীতিক জীপাল কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে একাধিক সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে ৷ইয়াৰ ভিতৰত নতুন সংযোজন হৈছে কৰ্মহীন হৈ পৰা কৰ্মচাৰীসকলক তিনিমাহলৈ ৫০ শতাংশ দৰমহা আদায়ৰ সিদ্ধান্ত ৷কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ৰ এই সিদ্ধান্তত স্বাভাৱিককতে স্বস্তি অনুভৱ কৰিছে হঠাতে কৰ্মহীন হৈ পৰা দেশৰ লক্ষাধিক লোকে। চলিত বৰ্ষৰ ২৪ মাৰ্চ অৰ্থাৎ দেশত তলাবন্ধ ঘোষণাৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত যিসকল লোক কৰ্মহীন হৈছে তেওঁলোকক সাহাৰ্যৰ বাবে তিনিমাহৰ অৰ্ধেক দৰমহা আদায়ৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।

অৱশ্যে ইয়াৰ বাবে কেইটামান চৰ্ত পূৰণ কৰিব লাগিব। সেইবোৰ পূৰণ কৰিলেহে কৰ্মহীনসকলে অৰ্ধেক দৰমহা গ্ৰহণ কৰিব পাৰিব ৷যিসকলে কৰ্মচাৰীৰ ৰাজ্যিক বীমা নিগমৰ আওতাৰ ভিতৰত পৰে তেওঁলোকে এই সুবিধাসমূহ উপভোগ কৰিব৷ এই সংস্থাৰ সদস্য হিচাপে দুবছৰৰ ম্যাদ পূৰ্ণ কৰাৰ পাছত কাম হেৰুৱালেও তিনিমাহ দৰমহা অৰ্ধেক লাভ কৰিব। এই সন্দৰ্ভত শ্ৰম মন্ত্ৰণালয়ৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ যে ইয়াৰ ফলত দেশত অন্তত ৪০ লাখ কৰ্মহীন লোক উপকৃত হ’ব ।

Exit mobile version