নেশ্যনেল টেষ্টিং এজেন্সীয়ে জাৰি কৰিলে NEET ৰ নিৰ্দেশনা

NEET UG 2020

নেশ্যনেল টেষ্টিং এজেন্সীয়ে ছেপ্তেম্বৰত হ’ব লগীয়া NEET পৰীক্ষাৰ কাৰণে এখন নতুন নিৰ্দেশনা জাৰী কৰিছে ৷প্ৰায় ১৫ লাখ ছাত্ৰ ছাত্ৰীয়ে NEET পৰীক্ষাত সামাজিক দূৰত্ব বৰ্তাই ৰাখি কেনেকৈ অংশ ল’ব সেই সকলোৰ নিৰীক্ষণ কৰি এই নিৰ্দেশনা জাৰী কৰিছে । নিৰ্দেশনা অনুযায়ী পৰীক্ষা তিনিটা ভাগত অনুষ্ঠিত হ’ব ।

পৰীক্ষা গৃহত ছাত্ৰছাত্ৰীসকলৰ প্ৰবেশৰ সন্দৰ্ভত সময় দিয়া হ’ব ।যাতে ছাত্ৰ ছাত্ৰীসকল একেলগে পৰীক্ষাগৃহত প্ৰবেশ কৰিব নোৱাৰে ।লগতে পৰীক্ষাৰ সদস্য আৰু পৰীক্ষাৰ্থীসকলৰ শৰীৰৰ তাপমাত্ৰা জোখা হ’ব। এই সময়ত কাৰোবাৰ শৰীৰত কৰ’নাৰ লক্ষণ দেখা পোৱা যায় তেন্তে তেওঁক পৃথককৈ ৰখা হ’ব।

ইপিনে পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক এজন এজনকৈ পৰীক্ষা গৃহত সোমোবলৈ দিয়া হ’ব। পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ড,পেন কাৰ্ডৰ লগতে অন্যান্য নথি পত্ৰসমূহ পৰীক্ষা কৰা হ’ব ।ইয়াৰ পিছতে পুনৰ ছাত্ৰ ছাত্ৰীৰ শৰীৰৰ তাপমাত্ৰা জোখা হ’ব ৷এনেদৰে ছাত্ৰ ছাত্ৰীৰ শৰীৰৰ তাপমাত্ৰা,এডমিট কাৰ্ড পৰীক্ষা কৰাৰ পিছত পৰীক্ষাৰ্থীৰ ৰূম নম্বৰ আৰু চীট নম্বৰ দিয়া হ’ব ৷

পৰীক্ষাৰ্থীসকলে

মুখত মাস্ক আৰু হাতত গ্ল’ৱছ পৰিধান কৰিব লাগিব ।

গ্লাছৰ বটলত পানী আনিব পাৰিব।

লগতে আনিব লাগিব ছেনিটাইজাৰ৷

মেটেলৰ দ্বাৰা নিৰ্মাণ কৰা সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰীসকলে ৷

পৰীক্ষাৰ্থীয়ে যাতে নকল কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা ৷

পৰীক্ষাৰ্থী এডমিট কাৰ্ড,পেন কাৰ্ড লগত ৰাখিব লাগিব ৷

শৌচালয় যাবলৈও পৰীক্ষাৰ্থীয়ে শিক্ষকৰ অনুমতি ল’ব লাগিব ।

ইপিনে পৰীক্ষা হ’লত পৰীক্ষাৰ্থীসকলক যিকোনো সহায় কৰিবৰ সময়ত শিক্ষকসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখি হাত ছেনিটাইজ কৰিব লাগিব ৷লগতে শিক্ষকসকলে পৰীক্ষা গৃহত পৰীক্ষাৰ্থীসকলক দূৰৰৈ পৰাই নিৰীক্ষণ কৰিব ।

আনহাতে,পৰীক্ষা গৃহৰ দেৱাল,টেবুল চকী,কম্পিউটাৰ,ফেন সকলো ছেনিটাইজ কৰিব লাগিব।

পৰীক্ষাগৃহৰ নম্বৰবোৰ ডাঙৰ আখৰেৰে লিখিব লাগিব ৷যাতে পৰীক্ষাৰ্থীসকলৰ ৰুম বিচৰাত অসুবিধা নহয়।

পৰীক্ষাহ’লত প্ৰথমবাৰৰ কাৰণে লাউড্স্পীকাৰৰ ব্যৱস্থা কৰা হ’ব ৷যাতে পৰীক্ষাৰ্থীসকলে দূৰৰৈ পৰাই শুনে ৷

পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলৰ ব্লুটুথ,ৱাই-ফাইও পৰীক্ষা কৰা হ’ব ৷

Exit mobile version