বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ সন্মুখত ধৰ্ষিতা যুৱতীৰ ন্যায় বিচাৰি পোষ্টাৰিং

IMG 20200822 WA0009

‘মই ধৰ্ষিতা, মোক ন্যায় লাগে,’ ধৰ্ষণকাৰী আলিফ আলীক ফাঁচী দিয়ক’ আদি শ্লগানেৰে ধৰ্ষিতা এগৰাকীয়ে যুৱতীয়ে ধৰ্ষণকাৰীৰ বিৰুদ্ধে ন্যায় বিচাৰি থানাৰ সন্মুখত পোষ্টাৰিং কৰা কাৰ্যই বঙাইগাঁও জিলাৰ বইটামাৰীত প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে৷বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমা এলেকাৰ বইটামাৰী আৰক্ষী চকীৰ সন্মুখত শুক্ৰবাৰে এগৰাকী ধৰ্ষিতা যুৱতীয়ে ন্যায় বিচাৰি পোষ্টাৰিং কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, পুৱা ভাগত আৰক্ষী চকীৰ অন্তৰ্গত পচাগাঁৱলৰ এই যুৱতী গৰাকীয়ে নিজকে ধৰ্ষিতা বুলি পৰিচয় দি আৰক্ষী চকীটোৰ সন্মুখত উপস্থিত হৈ ‘মই ধৰ্ষিতা, মোক ন্যায় লাগে’, ধৰ্ষণকাৰী আলিফ আলিক ফাঁচী দিয়ক, আদি লিখা থকা পোষ্টাৰ নিজ হাতে আঁৰি দিয়ে।

ভুক্তভোগী যুৱতী গৰাকীৰ এই কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে, তেওঁক এমাহ পূৰ্বে নিজ গৃহৰ পৰা নিশা ধনতোলাৰ ঘাকপাৰাৰ আহমেদ আলীৰ পুত্ৰ আলিফ আলীয়ে প্ৰৱঞ্চনাৰে পলুৱাই নিছিল। পিছত আলিফে যুৱতী গৰাকীক আৱদ্ধ কৰি গোটেই নিশা উপৰ্যুপৰি ধৰ্ষণ কৰে। ইয়াৰ পিছত এখন গাড়ীত তুলি এজন সহযোগীৰে যুৱতী গৰাকীক ঘৰত নমাই থৈ যায়। কিন্তু পৰিয়ালৰ লোকে ৰাখিবলৈ অমান্তি হোৱাত যুৱতী গৰাকী উপায়ন্তৰ হৈ পুনৰ আলিফৰ ঘৰত উপস্থিত হয়।

এইবাৰ আলিফ আৰু তেওঁৰ মাতৃয়ে যুৱতী গৰাকীক শাৰিৰীক প্ৰহাৰ কৰি খেদি পঠায়। তাৰ পাছত গাঁৱৰক্ষী বাহিনীৰ সম্পাদকে নিৰ্যাতিতা যুৱতী গৰাকীক আশ্ৰয় দি আৰক্ষীক গতাই দিয়ে। যুৱতী গৰাকীৰ পৰিয়ালেও যুৱতী গৰাকীক আলিফ আৰু তেওঁৰ মাতৃয়ে পলুৱাই নি প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ কৰি বইটামাৰী আৰক্ষী চকীত বিগত ২০ জুলাইত এখন এজাহাৰ দাখিল কৰে।

সেই অনুসৰি আৰক্ষীয়েও গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। ইপিনে ৰহস্যজনকভাৱে পৰিয়ালৰ লোকে যুৱতী গৰাকীক আলিফৰ সৈতে বিয়া দিব বুলি আৰক্ষীক অৱগত কৰি যুৱক জনক গ্ৰেপ্তাৰ নকৰিবলৈ অনুৰোধ জনায়। ইপিনে পৰিয়ালটোৱে অভিযুক্ত পক্ষৰেও আলোচনাত বহে বুলি জানিব পৰা গৈছে । কিন্তু আলোচনা বিফল হোৱাত পৰিয়ালটোৱে পুনৰ আৰক্ষীৰ কাষ চাপে।

ইতিমোধ্যে আৰক্ষীয়ে ধৰ্ষণ কাৰ্যত জড়িত যুৱক জনৰ সহযোগী চাহিল আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে যদিও মূল অভিযুক্ত আলিফে পলায়ন কৰি আত্মগোপন কৰাত সন্ধান উলিয়াত ব্যৰ্থ হয় আৰক্ষী। জানিব পৰা মতে, অভিযুক্ত যুৱক জনে ইতিমধ্যে মহামান্য উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱতী কালীন জামিন লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে যুৱতী গৰাকীৰ পৰিয়ালে প্ৰথম অৱস্থাত এজাহাৰত ধৰ্ষণৰ কথা উল্লেখ কৰা নাছিল যদিও নিৰ্যাতিতা যুৱতী গৰাকীয়ে শুক্ৰবাৰে উল্লেখিত থানাৰ সন্মুখত ন্যায় বিচাৰি নিজ হাতে পোষ্টাৰিং কৰা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । এতিয়া ধৰ্ষিতা, লাঞ্চিত অসহায় যুৱতী গৰাকীক আৰক্ষী প্ৰশাসনে কেনেদৰে ন্যায় প্ৰদান কৰে এই বিষয়টোৱে তাৎপৰ্য বহন কৰিছে ৷

Exit mobile version