ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল ৰাজধানী দিল্লীঃ গ্ৰেপ্তাৰ ১ সন্ত্ৰাসবাদী

দিল্লীৰ বুদ্ধ জয়ন্তী পাৰ্কৰ সমীপত আইছিছিৰ এজন সন্ত্ৰাসবাদীৰ স’তে এটা IED উদ্ধাৰ কৰা হৈছে। এন এছ জি কামাণ্ডো বাহিনীৰ অভিযানত গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদী ৷ অন্যহাতে এই সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷আনহাতে এন এছ জিৰ কামাণ্ডো বাহিনীয়ে গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজনৰ নাম আবু ইউচুফ ৷৩৬ বছৰীয়া আবু ইউচুফে দিল্লীৰ বহু অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ বিচাৰি আছিল ৷

আৰক্ষীৰ এটা সূত্ৰৰ মতে সন্ত্ৰাসবাদীৰ দলটোৱে ১৫ আগষ্টৰ আশে পাশে দিল্লীৰ বিভিন্ন ঠাইত বিস্ফোৰণৰ লক্ষ্য কৰি লৈছিল যদিও কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ কাৰণে সেয়া সম্ভৱ নহ’ল ৷সন্ত্ৰাসবাদী আবু ইউচুফৰ পৰা বহু নথিপত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷লগতে নথিপত্ৰৰ পৰা জানিব পৰা গৈছে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল তেওঁলোকে। সন্ত্ৰাসবাদী আবু কাশ্মীৰৰ আইএছৰ লগতে সম্পৰ্ক আছিল।

Exit mobile version