মহানগৰীত আবকাৰী বিভাগৰ অভিযান:চুলাইৰ ভাটী উচ্ছেদ তিনিজনক আটক

a268c5f7 297c 454d 98b8 e95530572b59

আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই তলাবন্ধ আনলকৰ মাজতো মহানগৰীত দেশী -বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আজি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই গীতা মন্দিৰৰ সমীপৰ বৈকুণ্ঠনগৰ আৰু উলুবাৰী কছাৰীবস্তীত চুলাই মদ বিক্ৰী আৰু প্ৰস্তুত কৰা ভাটীত এক বৃহৎ অভিযান চলায় ।

অভিযান কালত সৰু – বৰ কেইবাটাও চুলাই প্রস্তুত কৰা ভাটী ধ্বংস কৰাৰ লগতে চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ,৪,০০০ লিটাৰ পাছ, প্ৰায় ৩২০ লিটাৰ চুলাই মদ , আৰু চুলাই প্ৰস্তুত কাৰ্যত ব্যৱহৃত ১৪ যোৰ বিভিন্ন সা সৰঞ্জাম জব্দ কৰা হয় । অভিযানত দুজন সুৰা বিক্রেতা আৰু এজন সুৰাপায়ীসহ তিনিজনক আটক কৰা হয় । বিক্রেতা দুজনৰ বিৰুদ্ধে অসম আবকাৰী আইন ৫৩(১)ক গোস্বামী ৰজু কৰি আদালতলৈ প্ৰেৰণ কৰা হয় ।তেনেদৰে সুৰাপায়ী জনৰ বিৰুদ্ধে আবকাৰী আইন ৬১ ( ক ) ৰ অধীনত ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত জৰিমনা সংগ্ৰহ কৰা হয় ।

Exit mobile version