মালিগাঁৱৰ আদিংগিৰি পাহাৰত বাঘ পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা বন বিভাগৰ

0506d532 6152 4e03 b95e 2457c7ad4c73

মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ বিশেষ তৎপৰতা অব্যাহত আছে। পুৱা প্ৰায় আঠ বজাৰ পৰা পিঞ্জৰা পাতিবলৈ বন বিভাগৰ লোকে যো-জা চলাইছে। অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা অনা পিঞ্জৰাত ছাগলী বন্দী কৰি বাঘ ধৰাৰ কৌশল অৱলম্বন বন বিভাগৰ দলটোৰ।

ADVERTISEMENT

উল্লেখ্য যে, কালি উক্ত অঞ্চলত নাহৰফুটুকী বাঘৰ আক্ৰমণত শিৱম কুমাৰ নামৰ এটি শিশুৰ মৃত্যু হৈছিল। সমনীয়াৰ সৈতে খেলি থাকোতে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে আক্ৰমণ কৰি শিশুটিক ডিঙিত কামুৰি সোঁচৰাই লৈ গৈছিল। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত বাঘৰ আতংকৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত স্থানীয় লোকে জনোৱা মতে আদিংগিৰি পাহাৰৰ উক্ত অঞ্চল বাঘৰ কৰিড’ৰ। কুকুৰ বা আন পোহনীয়া জন্তুৰ চিকাৰত উক্ত স্থানত প্ৰায়ে বাঘে মুক্ত বিচৰণ কৰে। এই ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলযজুৰি বাঘৰ আতংকৰ সৃষ্টি হৈছে।

Exit mobile version