Railway E-Ticket Booking:
ভাৰতীয় ৰেলৱে বিভাগে তৎকাল টিকট বুকিঙৰ নিয়ম সলনি কৰিলে। এই পৰিৱৰ্তনৰ জৰিয়তে শীঘ্রে টিকট বুকিঙৰ সময়ত ই আধাৰৰ ভেৰিফিকেচন বাধ্যতামূলক হ’ব।
অলপতে ৰেলমন্ত্রী অশ্বিনী বৈষ্ণবে ‘এক্স’ত এই তথ্য সদৰী কৰিছিল। আইআৰচিটিচিৰ এপত তৎকাল ৰেল টিকট বুক কৰাটো ইমানদিনে অসুবিধাজনক আছিল। এই কাম সহজ কৰি তোলাৰ বাবে আইআৰচিটিচিয়ে টিকট বুকিঙৰ সময়ত ই-আধাৰ ভেৰিফিকেচন বাধ্যতামূলক হ’ব। ইয়াৰ জৰিয়তে যাত্ৰাৰ বাবে যাত্রীয়ে টিকট লাভ কৰাটো নিশ্চিত হ’ব।
ই-আধাৰ ভেৰিফিকেচনত যাত্রীয়ে নিজৰ আধাৰ কার্ড আইআৰচিটিচি একাউণ্টৰ স’তে লিংক কৰিব লাগিব। তৎকাল উইণ্ড’ মুকলি হোৱাৰ প্ৰথম ১০ মিনিটত নিজৰ আধাৰ কাৰ্ড আইআৰচিটিচি একাউণ্টৰ স’তে লিংক কৰা যাত্ৰীয়ে টিকট বুক কৰিব পাৰিব। টিকটৰ ক’লা বজাৰ বন্ধ কৰাৰ বাবে আইআৰচিটিচিয়ে এই নতুন নিয়ম বলবৎ কৰিলে





























