মালিগাঁৱৰ আদিংগিৰি পাহাৰত বাঘ পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা বন বিভাগৰ

f74a59e2 2cfb 475c b568 d035a8d8e738

মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ বিশেষ তৎপৰতা অব্যাহত আছে। গুৱাহাটী আঞ্চলিক বন বিষয়া পংকজ কলিতাৰ উপস্থিতিত আজি পুৱা প্ৰায় আঠ বজাৰ পৰা পিঞ্জৰা পাতিবলৈ বন বিভাগৰ লোকে যো-জা কৰে । অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা অনা পিঞ্জৰাত ছাগলীক টোপ দি বাঘ ধৰাৰ কৌশল অৱলম্বন কৰিছে বন বিভাগৰ দলটোয়ে।

লগতে খানামুখ খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া ৰূপম হালৈৰ নেতৃত্বত বনকর্মীৰ এটা দলে আদিংগিৰি পাহাৰত বাঘৰ গতিবিধি নিৰীক্ষণ কৰে। তদুপৰি, পূৱ কামৰূপ বন সংমণ্ডল বন সংমণ্ডল প্ৰাধিকাৰী ৰাজীৱ বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখ্য যে, কালি উক্ত অঞ্চলত নাহৰফুটুকী বাঘৰ আক্ৰমণত শিৱম কুমাৰ নামৰ এটি শিশুৰ মৃত্যু হৈছিল।

সমনীয়াৰ সৈতে খেলি থাকোতে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে আক্ৰমণ কৰি শিশুটিক ডিঙিত কামুৰি সোঁচৰাই লৈ গৈছিল। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত বাঘৰ আতংকৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত স্থানীয় লোকে জনোৱা মতে আদিংগিৰি পাহাৰৰ উক্ত অঞ্চল বাঘৰ কৰিড’ৰ। কুকুৰ বা আন পোহনীয়া জন্তুৰ চিকাৰত উক্ত স্থানত প্ৰায়ে বাঘে মুক্ত বিচৰণ কৰে। অতি শীঘ্ৰে বন বিভাগে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হ’ব বুলি অঞ্চলবাসী আশাবাদী। উল্লেখ্য যে, আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত মৃত শিশুটিৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত ভূতনাথ শ্মশানত শেষকৃত কৰা হয়।

Exit mobile version